ৰাজ্যখনৰ অন্যতম প্ৰকাশন প্ৰতিষ্ঠান পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত আজি কামৰূপ জিলাৰ বঙৰাস্থিত “শ্রী শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়” প্ৰাঙ্গণত শিক্ষাবিদ, কবি জগত চন্দ্র চৌধুৰীৰ কাব্যগ্রন্থ “মন গহনৰ উৰ্মি” উন্মোচন কৰি প্ৰথিতযশা সাহিত্যিক , ত্ৰিপুৰা কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যই কয়- “গ্ৰন্থই যুগ-যুগ ধৰি সমাদৃত হৈ আহিছে। সমাজৰ স’তে গ্ৰন্থৰ সম্পর্ক আছে। পৰিস্থিতি- পৰিৱেশৰ সতে সম্পর্ক থকা গ্ৰন্থই মানুহৰ মাজত ৰেখাপাত কৰে।” বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সভাপতি গৌৰীকান্ত নাথৰ সঞ্চালনাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত এটোপোলা গ্ৰন্থৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে নাথ সাহিত্য সভা,অসমৰ সভাপতি তথা দুধনৈ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড০ হৰ কুমাৰ নাথে। বাইহাটা চাৰিআলিৰ ডৰা কঁহৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী দুৰ্গামণি বৰগোঁহাইৰ পৰিৱেশনৰে শুভাৰম্ভ কৰা সভাত মাধ্যমিক শিক্ষা অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক ড০ অসমী গগৈয়ে মুখ্য অতিথি হিচাপে অংশ লৈ কয়- সময় বৰ মূল্যবান। আদৰ্শগত, মূল্যবোধৰ স’তে ৰজিতা খোৱা সাহিত্য যুগজয়ী। আঙুলিৰ ফাকত সময়ক ধৰি ৰাখি আমি আগুৱাই যাব লাগে। নৈৰ ভটিয়নিৰ দৰে আমি আগুৱাই গৈ থাকিব লাগে। পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা সভাত সদৌ অসম কলেজ অধ্যক্ষ পৰিষদৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন অধ্যক্ষ অৰুণ চন্দ্র শৰ্মা, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বাণীকান্ত গোস্বামী, অসম আয়ুর্বেদিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডা: ধনেশ্বৰ কলিতা, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা বিশিষ্ট কবি শচীন দাস, গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ প্ৰাক্তন সঞ্চালক অৱনী ৰঞ্জন পাঠক, “শাব্দিক” কাব্যালোচনীৰ সম্পাদক তথা বিশিষ্ট কবি ড০ চিত্তৰঞ্জন দাস, বিশিষ্ট চিন্তাবিদ তথা অৱসৰপ্ৰাপ্ত বিষয়া ইন্দ্ৰেশ্বৰ নাথে বিশিষ্ট অতিথি হিচাপে অংশ লৈ কবিতা চৰ্চা, সাহিত্য সাধনা, গ্ৰন্থ প্ৰকাশৰ আনন্দ আদিৰ ওপৰত গভীৰ ভাৱে আলোকপাত কৰে। “ডি ৱাই ৩৬৫” ৰ আকাশ চুবৰ মনৰ ২০১৮ৰ শ্ৰেষ্ঠ শিল্পী মৰমী শৰ্মা, গৰৈমাৰী ফখৰুদ্দিন আলী আহমেদ কলেজৰ অধ্যাপিকা বেগম ৰুণা লাইলা মজুমদাৰে গীত পৰিৱেশন কৰা সভাত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক যোগেশ কুমাৰ কলিতা, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা জীনু দাস, সদৌ অসম সাংবাদিক সন্থা(আজু) ৰ উপদেষ্টা মনোৰঞ্জন ভট্টাচার্য, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়া ডা: দণ্ডেশ্বৰ ডেকা, ডা: তৰুণ দাস, তৰালী নাথ শৰ্মা, কল্পনা ভৰালী, জ্যোৎস্না দাস আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ