ভাৰতৰ ক্ৰীড়াক্ষেত্ৰত পুনৰ অসম সন্তানৰ জয়জাত্ৰা অব্যাহত।কেৰালাৰ কালিকটত অনুষ্ঠিত হৈ থকা ২৫ সংখ্যক চিনিয়ৰৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকচ প্ৰতিযোগিতাত অসমৰ অম্লান বৰগোঁহাইৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিছে। পুৰুষৰ ২০০ মিঃ দৌৰত অম্লান বৰগোঁহাইয়ে ২০.৫২ চেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি সোণৰ পদক লাভ কৰে। প্ৰথম গৰাকী অসমীয়া খেলুৱৈ হিচাপে অম্লানে অহা জুলাই মাহত আমেৰিকাৰ অৰেগণত অনুষ্ঠিত হবলগীয়া বিশ্ব ছিনিয়ৰ ছেম্পিয়নশ্বপলৈ যোগ্যতা অৰ্জন কৰিছে। আনহাতে অম্লানে এই প্ৰদৰ্শনেৰে ২২তম এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছে।উল্লেখ্য যে অসমৰ ধিং এক্সপ্ৰেছ হিমা দাসেও মহিলাৰ ২০০ মিটাৰ দৌৰত ২৩.৬৩ চেকেণ্ডেৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। হিমা দাস আৰু অম্লান বৰগোঁহাইৰ এই সফলতাৰ পিছতেই ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ লগতে অসমৰ এথলেটিকচ্ ক্ষেত্ৰখনলৈ এক নতুন বাৰ্তাৰ আগমন ঘটিছে। দুয়োগৰাকী খেলুৱৈৰ সাফল্যত অসম এথলেটিকচ্ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক ভড়ালীৰ লগতে অসমবাসীয়ে দুয়োগৰাকী খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
Trending
- বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ-গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা
- ৰেডিঅ’ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘ
- নৰ্থ ইষ্ট সংস্থাৰ উদ্যোগত দিল্লীত উদযাপিত হ’ল লাচিত দিৱস
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা