ধৰ্মীয় গোৰামী, অন্ধবিশ্বাস তথা ডাইনী হত্যাৰ দৰে প্ৰাসংগিক, অত্যন্ত স্পৰ্শকাতৰ বিষয়ৰ আধাৰত নিৰ্মাণ কৰা ৬৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰজত কমল বঁটাপ্ৰাপ্ত মিচিং ভাষাৰ চলচ্চিত্ৰ “আনু ৰোৱাড”ৰ আজি বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশেষ প্ৰদৰ্শনী অনুষ্ঠানত বিশেষ অতিথিৰূপে উপস্থিত থাকে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক এম মনিৰাম, ব্ৰিগেডিয়াৰ অবনি পাইট। অবনৰি পিকচাৰ্ছৰ বেনাৰত নিৰ্মিত ছবিখনিৰ প্ৰযোজনা আৰু পৰিচালনা দিলীপ কুমাৰ দলেৰ। কাহিনী ডাঃ বিদ্যোশ্বৰ দলেৰ। সহযােগী পৰিচালক তথা সম্পাদনা ঘনশ্যাম কলিতাৰ। চিনেমেট গ্রাফাৰ সুমন দুৱৰা। শব্দ মিশ্রণ যতীন শর্মাৰ। সংগীত পৰিচালক দিলীপ কুমাৰ দলে।সাজসজ্জা গীতাৰাণী আৰু শঙ্কু বৰুৱাৰ। কলা নির্দেশক ৰমা ৰয়। মাজুলীৰ এক ভিতৰুৱা অঞ্চলত দৃশ্যগ্ৰহণ কৰা ছবিখনিত অভিনয় কৰিছে নীলিম দত্ত, ৰাজীৱ দলে, পুষ্প মিচং, নয়ন কামান, উৎপল পগাগ, পদ্ম পেগু, গজেন পেগু, অনল কামান, গােবিন্দ নৰহ, আনেশ্বৰ পেগু, ৰাজা দলে, মিগম দলে, ৰঞ্জন কুম্বং, ধৰম ৰাজ, প্রণৱজ্যোতি টাইদ, লােকনাথ কুটুম, লক্ষ্যজিত কামান, তাজমহল, অতুল, লক্ষীধৰ, জয়, বিষ্ণুপ্রিয়া মিচং, অনিমা মিলি, পদ্মা দলে (টুলী), ওমাৰাণী দলে, লক্ষীমাই দলে, অনুৰাধা গাম, ময়ুৰী কামান, লাভলি দলে, গব্যাঞ্জলী প্রসাদ, ৰঞ্জনা বৈশ্য, ৰােকোদেবী বৈশ্য, শেৱালী দাস, অৱন্তি, হেমলতা। শিশু শিল্পীসকল ক্ৰমে প্রিতিমালা, কাকলাে, পবনৰ লগতে বহুকেইগৰাকী কণ কণ অভিনয় শিল্পী।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন