বিগত বৰ্ষৰ ডিচেম্বৰ মাহত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পথ সুৰক্ষা দিশটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি পৰিবহণ বিভাগক ৰাজহ সংগ্ৰহৰ সমান্তৰালভাৱে এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষৰে কাম কৰিবলৈ নিৰ্দেশনা দিছে। একে নিৰ্দেশনা দিছে অসম আৰক্ষীকো। আনকি নৱবৰ্ষক আদৰাৰ নামত যোৱা ৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰীত যাতে কোনেও সুৰাপান কৰি ৰাজপথত বাহন নচলাই তাৰ বাবে আৰক্ষী আৰু পৰিবহণ বিভাগে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যজুৰি বিশেষ অভিযান চলাইছিল। আনকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৩১ ডিচেম্বৰৰ নিশা গুৱাহাটী মহানগৰীৰ বিভিন্ন ৰাজপথত হাতে কামে নামি পৰি আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিশেষ অভিযানৰ তদাৰক কৰিছিল। ফলত বিগত বৰ্ষ সমূহৰ তুলনাত এইবেলি নৱবৰ্ষক আদৰাৰ নামত গুৱাহাটীকে ধৰি ৰাজ্যৰ আন আন জিলাত বিশেষ দুৰ্ঘটনা সংঘটিত নহ’ল। পৰৱৰ্তী মাঘৰ বিহুৰ উৰুকাৰ সময়তো একে তৎপৰতা গ্ৰহণ কৰা বাবে ৰাজপথত উৰুকাৰ নিশা তেনে কোনো দুৰ্ঘটনা সংঘটিত নহল। আনকি মাৰ্চ মাহত ৰঙৰ উৎসৱ হলীৰ সময়তো তেনে সজাগতা অভিযান চলাইছিল কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে। সেই সফলতাৰ পাছত এইবাৰ ক’ভিডৰ বাবে দুবছৰ পাছত উদযাপন কৰিবলগীয়া অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুক লৈ তেনে তৎপৰতা আৰম্ভ কৰিছে বিভাগে। বিশেষকৈ ৰঙালী বিহুক আদৰাৰ নামত কোনো চালকে যাতে সুৰাপান কৰি ৰাজপথত বাহন চলাব নোৱাৰে তাৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে তৎপৰতা আৰম্ভ কৰিছে। ইয়াৰ অংশ হিচাপে পৰিবহণ বিভাগৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) কাৰ্যালয়ৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত জিলা পৰিবহণ বিভাগে ৰঙালী বিহুৰ সময়ত সুৰাপান কৰি বাহন নচলাবলৈ আহ্বান জনায় গুৰুত্বপূৰ্ণ স্থান সমূহত “ৰাংঢালী ৰঙালীক আদৰক জৰিমনাক নহয়” “সুৰাপান কৰি বাহন নচলাব” “দুচকীয়া বাহনৰ চালক-আৰোহীয়ে হেলমেট পৰিধান কৰক” শীর্ষক হৰ্ডিং, বেনাৰ স্থাপন কৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে আন আন উৎসৱৰ দৰে ৰঙালী বিহুৰ সময়ত বহুতে আনন্দত মতলীয়া হৈ সুৰাপান কৰি দুচকীয়া-চাৰিচকীয়া বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰি নিজৰ লগতে আনৰো সৰ্বনাশ মাতি আনে। ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীয়ে উৎসৱৰ গইনা লৈ কোনো চালকে যাতে সুৰাপান কৰি ৰাজপথত বাহন চলাব নোৱাৰে আৰু তেনে ঘটনা ৰোধ কৰিবলৈ নিৰ্দেশনা দিছে। গতিকে অসমীয়া নতুন বছৰ ৰঙালী বা বহাগ বিহুৰক আদৰাৰ নামত আনন্দত মতলীয়া হৈ পথত বাহন চলালে তেনে চালকক পৰিবহণ বিভাগে আৰক্ষীৰ সহযোগত আটক কৰি তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব। আনকি দুচকীয়া বাহনৰ চালক আৰু আৰোহী উভয়কে হেলমেট পৰিধান কৰিহে পথত বাহন চলাবলৈ আহ্বান জনাইছে। আনহাতে খানাপাৰা খেলপথাৰত অনুষ্ঠিত ৰঙালী উৎসৱত ১০ এপ্ৰিলৰ দিনা নিশা তেওঁৰ লগতে জ্যেষ্ঠ যান বাহন পৰিদৰ্শক জয়সিং ৰংফাৰে ভাগ লৈ এই সম্পৰ্কীয় সজাগতা অভিযান আৰম্ভ কৰিছে বুলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিছে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ