বিশ্ব শান্তি কামনাৰে ভাগৱত পাঠ অনুষ্ঠিত

0 253

শোণিতপুৰ জিলাৰ বালিপাৰাৰ খনামুখ অঞ্চলৰ ৰৌমাৰীস্থিত হৰি হৰ মন্দিৰ প্ৰাঙ্গনত বিশ্ব শান্তিৰ কামনাৰে তথা ভৱিষ্যতৰ সতি-সন্ততিৰ সনাতন সংস্কৃতিৰে সংস্কাৰ হোৱাৰ কামনাৰে সপ্তাহযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় শ্ৰী শ্ৰী মদ ভাগৱত পাঠ অনুষ্ঠান ।  বৈ‌কুন্ঠ প্ৰাপ্তিৰ আৰু ভৱিষ্যতৰ সতি-সন্ততিৰ সনাতন সংস্কৃতিৰ সংস্কাৰ হোৱাৰ লগতে পূৰ্বপুৰুষসকলৰ আত্মাই শান্তি পোৱাৰ কামনাৰে এই  কাৰ্যসূচী অনুষ্ঠিত হয়  । উক্ত অনুষ্ঠানত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত ভাগৱত পাঠৰ মূল ব্যাখ্যা অলংকৃত কৰে আচাৰ্য্য পণ্ডিত হোমৰাজ উপাধ্যায় আৰু সহায় সহযোগ কৰে পণ্ডিত মনোজ উপাধ্যায়ে । বৰ্তমানৰ নৱপ্ৰজন্মসকলে ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা কৰিলেহে  কু-সংস্কাৰৰ পৰা বিৰত থাকি এক শান্তি ভাৱধাৰাৰে সমাজখন নিকা কৰিব পাৰিব বুলি প্ৰবচক পণ্ডিত আচাৰ্য্য হোমৰাজ উপাধ্যায়ে মন্তব্য কৰে ।

 

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.