কামৰূপ জিলাৰ আমৰাংগা বৰিহাটৰ হাটখোৱাপাৰাস্থিত নিজ গৃহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ তথা নিজ গৃহৰ পৰা সুদূৰ লাডাখলৈ খোজ কাঢ়ি অভিলেখ সৃষ্টি কৰা অঞ্জলি দাসক ২০ এপ্ৰিলত দক্ষিণ কামৰূপ সচেতন মঞ্চৰ পৰা বিপুল ভাৱে সম্বৰ্দ্ধনা জনায়। অসমীয়া বিহুৱান, মানপত্র আৰু গছৰ পুলিৰে সম্বৰ্দ্ধনা জনোৱা হয় । সচেতন মঞ্চৰ উপদেষ্টা তথা সাংবাদিক দীপক শৰ্মা, অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, শিক্ষা সম্পাদক ৰঞ্জিৎ মহন্ত, প্ৰচাৰ সম্পাদক শিৰষ দাস, সদস্য তাজনুৰ আলম চৌধুৰী, দক্ষিণ কামৰূপ ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি হেমন্ত কুমাৰ চৌধুৰীৰ নেতৃত্বত যোৱা দলটোৰ সম্বৰ্দ্ধনা গ্রহণ কৰি অঞ্জলি দাসে কয়- মই খুৱেই সুখী। আজিৰ নতুন প্রজন্মৰ বিদ্যাৰ্থীসকলে ক্ৰীড়াত বেছি মনোনিবেশ কৰিব লাগে। চৰকাৰেও যথোপযুক্ত ধৰণেৰে সহায় কৰিব লাগে। সম্বৰ্দ্ধনা প্ৰদান কৰি সচেতন মঞ্চৰ উপদেষ্টা দীপক শৰ্মাই কয়- অঞ্জলি দাস অসমৰ সম্পদ। তেখেতৰ দুঃসাহসিক ক্ৰীড়া শৈলীয়ে আমাৰ নতুন প্রজন্মৰ বাবে বৰ পাথেয়। ৰাজ্য চৰকাৰে অঞ্জলি দাসক যথোপযুক্ত সন্মান দিবলৈও অনুৰোধ জনায়।সচেতন মঞ্চৰ অধ্যক্ষ মদন দাসে কয়- দক্ষিণ কামৰূপলৈ ক্ৰীড়াৰ জড়িয়তে সন্মান কঢ়িয়াই অনা অঞ্জলি দাসৰ অনন্য প্ৰতিভাই আমাৰ বাবে বৰ প্ৰেৰণাদায়ক। উল্লেখ থাকে যে অঞ্জলি দাসে লাডাখৰ পৰা ঘূৰি অহাৰ পিছত পুনৰ তেখেতে ১৭ ঘন্টাত ১০০ কিলোমিটাৰ খোজ কাঢ়ি আৰু এক ৰেকৰ্ড স্থাপন কৰিছে।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ