ৰঙিয়াত বিজেপিৰ সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ন

0 252

ভাৰতীয় জনতা পাৰ্টিৰ ৪২ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সামাজিক ন্যায় পষেকীয়া ধ্বজাবাহি কার্যক্রমণিকা আৰু দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্য্যসূচীৰ অধীনত আজি ভাৰতীয় জনতা পাৰ্টীৰ ৰঙিয়া ব্লক মণ্ডল আৰু নগৰ মণ্ডলৰ উদ্যোগত বিজেপি কাৰ্যকর্তা সকলে স্থানীয় মুক্তিযোদ্ধা তথা অৰ্ধ সামৰিক সেনাৰ শ্বহীদ পৰিয়ালৰ নিজা বাসভৱন ত সাক্ষাৎ কৰি সম্বৰ্ধনা জনায় । এই উপলক্ষে মুক্তিযোদ্ধা কৃষ্ণ লহকৰ, কামিনি মোহন শৰ্মাৰ পত্নী কানন বালা দেৱী, মাধৱ শৰ্মাৰ পত্নী সুভদ্ৰা দেৱী, কীৰ্তি কলিতাৰ পুত্ৰ মনতেশ্বৰ কলিতা, নবীন বনিয়াৰ পত্নী প্ৰেমদা বনিয়া, শ্বহীদ CRPF ভাস্কৰ জ্যোতি কুমাৰৰ পিতৃ যোগেন্দ্ৰ কুমাৰক সম্বৰ্ধনা জনোৱাৰ লগতে তেখেত সকলক একোটাকৈ পবিত্ৰ গীতা গ্ৰন্থ প্ৰদান কৰা হয়। উক্ত কাৰ্য্যসূচীত বিজেপি উত্তৰ কামৰূপ জিলাৰ নৱনিযুক্ত সভাপতি সুবল পাল লগতে কোষাধ্যক্ষ সুকুমাৰ লহকৰ, বিজেপি ৰঙিয়া ব্লক মণ্ডলৰ সভাপতি দ্বীপেন শইকীয়া, ৰঙিয়া নগৰ মণ্ডলৰ সভানেত্ৰী দীপ্তি লহকৰ আৰু বিজেপিৰ কাৰ্যকর্তা সকল উপস্থিত থাকে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.