শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজে প্ৰতি মাহৰ শেষৰ দেওবাৰে চেমনীয়াৰ শাৰীৰিক,মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে অনুষ্ঠিত কৰি অহা মৌ মেল অনুষ্ঠান ক’ভিড সৃষ্ট পৰিবেশৰ বাবে সামাজিক ভাৱে বন্ধ আছিল।এতিয়া পুনৰ ২৪ এপ্ৰিলৰ পৰা প্ৰতি মাহৰ শেষৰ দেওবাৰে দিনৰ ২ বজাৰ পৰা কলাক্ষেত্রৰ বাকৰিত এই মৌ-মেলখনি অনুষ্ঠিত হ’ব।এইবাৰৰ ১৫৮ সংখ্যক মৌ-মেলত প্ৰাক প্ৰাথমিকৰ পৰা দশম শ্ৰেণীলৈ চাৰিটা শাখাত চিত্ৰাঙ্কন প্ৰতিযোগিতা, পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ দুটা শাখাত জাতীয় উৎসৱ বিহু সম্পৰ্কে প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।লগতে শিশু চেমনীয়া বিভিন্ন গীত মাতৰ অনুষ্ঠান পৰিবেশিত হ’ব। ইয়াৰোপৰি শিশু চেমনীয়া সকলৰ নিয়মীয়া শিশু সুলভ গীত-নৃত্যৰ অনুষ্ঠানো অনুষ্ঠিত হ’ব।শিশু চেমনীয়া সকলে মৌ-মেলত অংশগ্ৰহণ কৰিব বাবে কোনো ভৰ্তি মাচুল দিব নালাগে অথবা প্ৰৱেশ পত্ৰও সংগ্ৰহ কৰিব নালাগে আৰু ছবি অঁকাৰ বাবে কাগজ কলাক্ষেত্র সমাজে যোগান ধৰিব বুলি মৌ মেলৰ পৰিচালক,চিত্ৰশিল্পী মধুসুদন দাসে প্ৰেছ বিজ্ঞাপ্তি যোগে জনাইছে।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ