প্ৰকৃতিৰ ৰম্যভূমি দীপৰ বিলৰ স্বাভাৱিক জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে নতুনকৈ গঠন হোৱা দীপৰ বিল সুৰক্ষা মঞ্চই ছাত্ৰ-ছাত্রীকে ধৰি সাধাৰণ ৰাইজৰ মাজত পৰিবেশ সচেতনা সৃষ্টিৰ বাবে ব্যাপক গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । ইয়াৰ অংশহিচাপে দীপৰ বিলৰ কাষৰীয়া আৰু গড়চুকৰ সমীপৰ মইনাখোৰোং পদ্মৰাম ভড়ালী খেলপথাৰত আজি গছপুলি ৰোপন কৰা হয় । ইয়্ং গ্ৰীণ ক্লাৱৰ সৌজন্যত খেলপথাৰত অনুষ্ঠিত ৪৭ সংখ্যক পূৱ ৰামছাৰাণী বিহু সন্মিলনীৰ বহাগী উৎসৱৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰা হয় । এটি শেৱালি ফুলৰ পুলি ৰোপন কৰি গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ইয়ং গ্ৰীণ ক্লাৱৰ সভাপতি বিষ্ণু প্ৰসাদ বড়োৱে। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা , সহকাৰী সম্পাদকদ্বয় সুশীল টেৰণ আৰু ধীৰাজ টুমুং , সাংগঠনিক সম্পাদক প্ৰমিলা টেৰণ , ইয়ং গ্ৰীণ ক্লাৱৰ প্ৰাক্তন সভাপতি উৎপল কুমাৰ দাসকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । আনহাতে আজি প্ৰথম দিনাই খেলপথাৰ চৌহদত শেৱালি ফুল , জাম , অগৰু আৰু বকুলৰ দহটা পুলি ৰোপন কৰি গৰু ছাগলীয়ে খাব নোৱাৰাকৈ চাৰিওফালে বেৰ দিয়া হয় । মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু সহকাৰী সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া মতে অহা ১৪ মে’ত পুৱা ৯-৩০ বজাত দীপৰ বিলৰ কাষৰীয়া দেউছটাল নৱজ্যোতি সংঘ খেলপথাৰ প্ৰাঙ্গণত অনুষ্ঠিত হবলগীয়া বহাগী বিদায়ী সন্মিলনৰ পতাকা উত্তোলনৰ পাছতে গছপুলি ৰোপণ কাৰ্যসূচী হাতত লোৱা হৈছে।
Trending
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত