দীৰ্ঘকাল ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত থাকি নিষ্ঠা সহকাৰে ৰাইজৰ সেৱা আগবঢ়োৱা বাবে পলাশবাৰী নগৰ আৰক্ষী চকী সহকাৰী উপ পৰিদৰ্শক মনমোহন দাসলৈ স্বীকৃতি ৰূপে ‘আৰোহন প্ৰশাসনিক সমন্বয় বঁটা ২০২২’ প্ৰদান কৰিছে। গুৱাহাটীৰ মহানগৰীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত বহাগ সামৰণী আৰু অসমীয়া জাতিৰ সাংস্কৃতিক সমাৰোহ অনুষ্ঠানত অসমৰ আগশাৰীৰ সাহিত্য- সাংস্কৃতিক, সামাজিক সংস্থা ‘আৰোহন আৰ্টিষ্ট গীল্ডে’ এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে আৰক্ষী বিষয়া মনমোহন দাসক। বঁটা লাভ কৰি দাসে উৎফুল্লিত হোৱাৰ লগতে পৰৱৰ্তী সময়ত ৰাইজৰ হকে সেৱা কৰাৰ অধিক প্ৰেৰণা পাব বুলি জানিবলৈ দি উদ্যোক্তা সকলক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে, সমাজত এচাম ব্যক্তি, যাৰ সৃষ্টি, সাধনা, কষ্ট সহিষ্ণুতা বিৰল আৰু জীৱনযোৰা সাধনাৰে শিক্ষা, সাহিত্য, সাংস্কৃতিক, সংবাদসেৱা, সাংবাদিক, আৰু সমাজসেৱা ক্ষেত্ৰখনলৈ বিশেষ আগবঢ়াই অহা প্ৰথিতযশা ব্যক্তিসকললৈ বিগত সময়ছোৱাত এইদৰে বঁটা প্ৰদান কৰি আহিছে আৰোহন আৰ্টিষ্ট গীল্ডে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika
- Assam CM meets Defence Minister; seeks intervention in establishing Defence Corridor
- Northeast Witnessing Unprecedented Development Under PM Modi’s Leadership: Pabitra Margherita