ভাৰতীয় জনতা পাৰ্টি, দক্ষিণ কামৰূপ জিলাৰ উদ্যোগত বাটৰহাটস্থিত জিলা কাৰ্যালয়ত আজি দিনযোৰা কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী ‘মন কি বাত’ আৰু শক্তিকেন্দ্ৰৰ আহ্বায়কৰ সন্মিলন অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱাৰে পৰা কাৰ্যকৰ্তাসকলৰ পঞ্জীয়ন, বন্তি প্ৰজ্বলন ও বন্দে মাতৰম অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত হোৱা সভাৰ আদৰণী ভাষণ পাঠ কৰে দক্ষিণ কামৰূপ জিলা বিজেপি সভাপতি ধনেশ্বৰ তালুকদাৰে। সভাত গুৱাহাটী লোকসভাৰ সমষ্টিৰ সাংসদ কুইন ওজাই উপস্থিত থাকি শক্তিকেন্দ্ৰ আহ্বায়কৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে ভাষণ প্ৰসঙ্গত বিশদভাৱে আলোকপাত কৰে। অনুষ্ঠানত বিগত চাৰি মাহৰ ‘মন কি বাত’ অনুষ্ঠানৰ প্ৰতিবেদন পাঠ কৰে প্ৰধানমন্ত্ৰী ‘মন কি বাত’ অনুষ্ঠানৰ আহ্বায়ক দীপক কলিতাই। ইয়াৰ পিছতে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই প্ৰধানমন্ত্ৰী ‘মন কি বাত’ অনুষ্ঠান সন্দৰ্ভত বিভিন্ন দিশ ভাষণত উল্লেখ কৰে। অনুষ্ঠানত দক্ষিণ কামৰূপ জিলাৰ প্ৰভাৰী জয়ন্ত ডেকাই উপস্থিত থাকি বিজেপি সাংগঠনিক সম্পৰ্কে বিভিন্ন দিশ আলোকপাত কৰে। উক্ত সভাত বুথ শক্তিকৰণ অভিযানৰ সমিতি গঠন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ৮ বছৰ পূৰ্ণ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা আৰু সমিতি গঠন কৰা হয়। শেষত ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰে সভাৰ সামৰণী পৰে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন