দীপৰ বিল সুৰক্ষা মঞ্চৰ সৈতে ডাম্পিং গ্ৰাউণ্ডে প্ৰদূষিত কৰা দীপৰ বিল নাৱেৰে পৰিদৰ্শন কৰিলে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই

0 383

গুৱাহাটীৰ পশ্চিম বৰাগাঁওৰ বেলৰতলত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত বিগত ২০২১ বৰ্ষৰ আগষ্ট মাহত গুৱাহাটী পৌৰ নিগমে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাৰ পাছত সমগ্ৰ অঞ্চলটোৰ পৰিবেশ প্ৰদূষিত হৈ পৰিছে । সমান্তৰাল ভাবে প্ৰদূষিত হৈছে দীপৰ বিলৰ পানী । ফলত বিগত প্ৰায় আঠ মাহ ধৰি দীপৰ বিলৰ চাৰিওকাষে থকা ১৬ খনকৈ গাঁৱৰ ৰাইজে ডাম্পিং গ্ৰাউণ্ডে সৃষ্টি কৰা দুৰ্গন্ধ আৰু বিলৰ পানীভাগ বিপদজনক মাত্ৰাত প্ৰদূষণ হোৱা বাবে বাধ্য হৈ পথ অৱৰোধ , সজাগতা সভা , অৱস্থান ধৰ্মঘটকে ধৰি বিভিন্ন গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । আনকি ১৬ খনকৈ গাঁৱৰ ৰাইজে মিলিত হৈ অলপতে গঠন কৰিছে দীপৰ বিল সুৰক্ষা মঞ্চ । ইফালে মঞ্চৰ দাবী অনুসৰি গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱশীষ শৰ্মাই যোৱা ২৬ মে’ত দীপৰ বিলত উপস্থিত হৈ নাৱেৰে পৰিদৰ্শন কৰি দীপৰ বিলৰ পানীভাগ প্ৰদূষণ হোৱা কাৰ্যৰ বুজ লয় । আয়ুক্ত গৰাকীক সংগ দিয়ে নিগমৰ অতিৰিক্ত আয়ুক্ত ৰঞ্জিত স্বৰ্গীয়াৰী আৰু অধীক্ষক অভিযন্তা চিত্তৰঞ্জন দত্তই । তেনেদৰে পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ , কাৰ্যকৰী সভাপতি গোলক দাস , সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু সহকাৰী সম্পাদক সুশীল টেৰণেও নাৱেৰে নিগমৰ তিনিজনীয়া দলটোৰ সৈতে দীপৰ বিল পৰিদৰ্শন কৰে । আনহাতে যৌথ পৰিদৰ্শনৰ সময়ত দলটোৱে দীপৰ বিল পক্ষী নিৰীক্ষণ স্তম্ভৰ পৰা নাৱেৰে গৈ নিৰ্মাণৰত অৱস্থাত থকা শ্বহীদ উদ্যানৰ দাঁতিয়েদি গৈ উদ্যানৰ ওচৰতে থকা বেলৰতলৰ ডাম্পিং গ্ৰাউণ্ডত গৈ উপস্থিত হয় । আনহাতে পৰিদৰ্শনৰ সময়ত পৌৰ নিগমৰ আয়ুক্ত গৰাকীয়ে নিজ চকুৰে প্ৰত্যক্ষ কৰে কেনেকৈ ভয়াৱহভাবে প্ৰদূষিত হৈছে দীপৰ বিলৰ পানী । কেনেকৈ প্ৰদূষণৰ কৱলত পৰি মৰি গৈছে জলজ উদ্ভিদ সমূহ । অৱশ্যে পৰৱৰ্তী সময়ত এই সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰিব সেই বিষয়ে সদৰি কৰা নাই আয়ুক্ত গৰাকীয়ে । অৱশ্যে বিজ্ঞান সন্মত পদ্ধতি অৱলম্বন কৰি ডাম্পিং গ্ৰাউণ্ডৰ পৰা সৃষ্টি হোৱা প্ৰদূষণৰ মাত্ৰা নূন্যতম কৰা হব বুলি আয়ুক্ত গৰাকীয়ে আশ্বাস দিছে । কিন্তু এই আশ্বাস কেতিয়া কাৰ্যকৰী হব তাক জানিব পৰা হোৱা নাই ।

Leave A Reply

Your email address will not be published.