Act East Policy Affairs Department উদ্যোগত ‘Act East through Northeast’ শীৰ্ষক Act east সন্মিলন শুক্ৰবাৰে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বহুত সম্ভাৱনা লুকাই আছে। এই সম্ভাৱনাক সঠিক ৰূপত কামত খটুৱাবৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। যোৱা ৬-৭ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নত হৈছে। অনুষ্ঠানত ভাষণ দি উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কয় যে চৰকাৰে পথ পৰিবহণ ব্যৱস্থা উন্নত কৰাৰ বাবে যথেষ্ট মনোযোগ দি আহিছে। । অনুষ্ঠানত ভাষণ দি ছিংগাপুৰ উচ্চ আয়ুক্ত ( High Commissioner) ছিমন ৱং( Simon wong) কয় “অসমত বিনিয়োগ কৰাৰ বাবে আমি ক্ষেত্ৰ গৱেষণা কৰিছো। এই গৱেষণাৰ দ্বাৰা এটা কথা জানিব পৰা গৈছে যে অসমত act east policy ৰূপায়ণ কৰাৰ বাবে যথেষ্ট সম্ভাৱনা আছে। অনুষ্ঠানত FICCI উত্তৰ-পূৰ্বাঞ্চল পৰিষদৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ, মুখ্য সচিব জিষ্ণু বৰুৱা, প্ৰধানমন্ত্ৰী অৰ্থনীতি উপদেষ্টা পৰিষদৰ সদস্য সঞ্জীৱ সৈনলা( Sanyal) আদিয়ে ভাষণ প্ৰদান কৰে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ