জামুগুৰিহাটত বাহ্যিক মূল্যায়ক হিচাপে পৰিদৰ্শন কৰে কৃষি খণ্ড উন্নয়ন বিষয়াই

0 227

তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ দ্বিতীয় দিনটোত নদুৱাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত জামুগুৰিহাটৰ অন্যতম মাধ্যমিক শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱ উপলক্ষে বিদ্যালয়ত বাহ্যিক মুল্যায়ক হিচাপে কালি উপস্থিত হয় বিশ্বনাথ চাৰিআলিৰ কৃষি বিভাগৰ খণ্ড উন্নয়ন বিষয়া লয়নময় বৰঠাকুৰ আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক দেৱাশিষ শৰ্মা।মুল্যায়ক দুগৰাকীক বিদ্যালয়ৰ তৰফৰ পৰা অধ্যক্ষ,শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয় গৃহলৈ আদৰণি জনায় আৰু সম্বৰ্দ্ধনা জ্ঞাপন কৰে। ইয়াৰ পাছতে দুয়ো গৰাকী মুল্যায়কে গুনোৎসৱ উপলক্ষে অনুষ্ঠিত বিভিন্ন কাৰ্যসূচীৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ লগত এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত মত বিনিময় অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষা,মধ্যাহ্ন ভোজন,ক’ভিডকালীন সময়ত হোৱা অনলাইন পাঠদানৰ ওপৰত বিষদভাৱে আলোচনা কৰা হয়। উল্লেখ্য যে শোণিতপুৰ জিলাৰ ১০৩৬ খন চৰকাৰী বিদ্যালয়ত এইবাৰ গুনোৎসৱ অনুষ্ঠিত হৈছে। ‌ ‌
বাতৰি যুগুতালে জামুগুৰিহাটৰ‌ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.