বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি ৩ জুনত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ পৰা বৰঝাৰ বিমানবন্দৰলৈকে বিশাল এক চাইকেল ৰেলী উলিওৱা হয় । পতাকা জোকাৰি ৰেলীটো উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হেমন্ত কুমাৰ নাথে। আনহাতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিৰ নেতৃত্বত আজাৰা , ৰাণীগেট হৈ বৰঝাৰ বিমানবন্দৰলৈকে যোৱা ৰেলীটোৱে পুনৰ বিশ্ববিদ্যালয় চৌহদলৈকে উভতি আহে। প্ৰায় ২৫ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰা ৰেলীটোত বিশ্ববিদ্যালয়ৰ কেবাজনো শিক্ষক , ছাত্ৰ , গৱেষক , বিষয়া , এন এছ এছৰ স্বেচ্ছাসেৱক আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি হেমেন কলিতা , সাধাৰণ সম্পাদক বিকি শৰ্মাকে ধৰি কেবাজনো বিষয়ববীয়াই ভাগ লয় ।উল্লেখযোগ্য যে বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি উলিওৱা ৰেলীটোত ভাগ লোৱা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল