চতিয়া সমষ্টিৰ বিধায়কৰ নেতৃত্বত সদ্যঘোষিত মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক অভিনন্দন পত্ৰ প্ৰদান

0 300

মেট্ৰিক পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হোৱা চতিয়া সমষ্টিৰ অন্তৰ্গত টুপীয়া বগাবিল অঞ্চলত ছাত্ৰ-ছাত্ৰীসকলক চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত দলীয় কৰ্মকৰ্তাসকলে অভিনন্দন পত্ৰ প্ৰদান কৰে ৷ সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকল অনুপ্ৰেৰণা যোগাবলৈ বিধায়কগৰাকীৰ হৈ পঞ্চায়ত জনপ্ৰতিনিধিসকলে প্ৰদান কৰিছে অভিনন্দন পত্ৰ ৷ সমান্তৰালভাৱে টুপীয়া বগাবিলত পুনৰবাৰ শীৰ্ষত থকা ৬ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় চতিয়া সমষ্টিৰ বিধায়কৰ অভিনন্দন পত্ৰ ৷ আজি ইটাখোলাৰ খেৰবাৰীত এক অনুষ্ঠানত উপস্থিত থাকি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তিৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ।অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুস্থানত দলৰ যুৱ সদস্য সঞ্জয় শৰ্মা,বুথ কমিটিৰ সদস্য ৰাজু চিতলাৰ লগতে বিভিন্ন কিৰ্তন সংঘৰ মহিলাসকলৰ উপস্থিতিত মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৬গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন পত্ৰ প্ৰদান কৰে৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.