ৰঙিয়াত জেচিআই ৰঙিয়া ৰয়েলচৰ ৰক্তদান আৰু স্বাস্থ্য পৰীক্ষণ শিবিৰ

0 386

জেচিআই ৰঙিয়া ৰয়েলচৰ উদ্যোগত তথা জিএমচি হাস্পাতাল আৰু মা কামাখ্যা ডেন্টল ক্লিনিকৰ সহযোগত আজি ৰঙিয়াত ৰক্তদান আৰু বিনামূলীয়া স্বাস্থ্য পৰীক্ষন শিবিৰ অনুষ্ঠিত কৰা হয় । সংস্থাটোৱে অসহায় ৰোগী সকলৰ সহায় কৰাৰ উদ্দেশ্য এই ৰক্তদান শিৱিৰ আৰু বিনামূলীয়া স্বাস্থ্য পৰীক্ষণ শিৱিৰৰ আয়োজন কৰে। শিৱিৰত প্ৰায় ৪০ গৰাকী পুৰুষ আৰু মহিলাই ৰক্তদান কৰে। লগতে শতাধিক ব্যক্তিয়ে দন্ত আৰু মধুমেহ ৰোগৰ বিনামূলীয়া পৰীক্ষণ কৰায়। ৰক্তদাতা প্ৰতিজন ব্যক্তিক সংস্থাটোৰ ফালৰ পৰা একোখনকৈ প্ৰশংসা পত্ৰ আৰু লঘু আহাৰ প্ৰদান কৰা হয়।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.