স্বচ্ছতাক মূল বিষয় হিচাপে লৈ এইবাৰ কামাখ্যা ধামত অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ব অম্বুবাচী মেলা’ ২০২২। অম্বুবাচী মেলা সঠিকভাৱে যাতে উদযাপন কৰিব পাৰি সেই লক্ষ্য আগত ৰাখি ইতিমধ্যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেইবাখনো সভা অনুষ্ঠিত কৰাৰ পিছত আজি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে এখন সংবাদ মেল সম্বোধন কৰে। উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আৰক্ষী প্ৰশাসন, পৌৰ নিগম আৰু জিলা প্ৰশাসনৰ আন-আন বিষয়া-বৰ্গ উপস্থিত থকা এই সভাত উপায়ুক্তগৰাকীয়ে আগন্তুক অম্বুবাচী মেলাৰ কিছু নীতি-নিৰ্দেশনা সদৰি কৰে। উপায়ুক্তগৰাকীয়ে কয় যে এইবাৰ অম্বুবাচী মেলাত কোনো লোকে বাহন ওপৰলৈ নিব নোৱাৰিব। ফুট হিলৰ পৰা কামাখ্যা মন্দিৰ প্ৰাঙ্গনলৈ পদ যাত্ৰা অথবা প্রশাসনে নিৰ্দিষ্ট কৰি দিয়া বাহনত জৰিয়তে যাব পাৰিব। ফুট হিলৰ পৰা কামাখ্যা মন্দিৰ প্ৰাঙ্গনলৈকে ৰাষ্টাত কোনো ষ্টল নাথাকিব। প্ৰশাসনৰ অনুমতি নথকা কোনো সংস্থা / সংগঠনে অম্বুবাচী মেলাত খাদ্য যোগান ধৰিব নোৱাৰিব। এইবাৰৰ অম্বুবাচী মেলাত ট্ৰেফিক নিয়ন্ত্ৰনত অধিক গুৰুত্ব দিয়া হব বুলি উপায়ুক্তগৰাকীয়ে সভাত ব্যক্ত কৰে। উল্লেখযোগ্য যে এই পৰ্যন্ত ভক্তগণৰ বাবে কামাখ্যা ষ্টেচন, পাণ্ডু পৰ্ট আৰু কেন্দ্ৰীয় কাৰাগাৰ চৌহদ –এই তিনিটা স্থানত শিবিৰৰ ব্যৱস্থা হৈছে। ফুট হিলৰ পৰা মা কামাখ্যা দেৱালয়লৈকে নিৰ্দিষ্ট স্থানতহে খোৱা পানী যোগান ধৰা হব। সংবাদমেলখনত পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে শিবিৰ অনুসৰি পৰ্যপ্ত সংখ্যক স্বেচ্চাসেৱী নিয়োগ কৰা হ’ব বুলি সংবাদমেলত ব্যক্ত কৰে। আনহাতে যানবাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত হিৰণ্য বৰ্মনে সংবাদমেলখনত জনায় যে অম্বুবাচী মেলাত ভৰলুমুখ আৰু মালিগাঁৱৰ ফালৰ পৰা অহা যানবাহনে কামাখ্যা গেটতে ভক্তক নমাব লাগিব। অসম ৰাজ্যিক পৰিবহনকে ধৰি কোনো আন্ত: জিলাৰ আৰু দূৰণিবটীয়া বাছে ডি জি ৰ’ড, এম জি ৰোড টি আৰ ফুকন ৰ’ডত ২২ জুনৰ পৰা ২৬ জুনলৈকে সোমাব নোৱাৰিব। সামগ্ৰী কঢ়িওৱা কোনো বাণিজ্যিক বাহনকো ডি জি, এম ডি ৰোডত সোমাবলৈ দিয়া নহব। অৱশ্যে তিনিচকীয়া বাণিজ্যিক বাহনক মাজ ৰাতি ১২ বজাৰ পৰা ৬ বজালৈকে চলা ফুৰা কৰিবলৈ দিয়া হ’ব।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন