কালি অসম গণ পৰিষদৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত এক যোগদান কাৰ্য্যসূচীত প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মহিবুল হক আৰু এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক ৰচুল হক বাহাদুৰসহ দুই শতাধিক বিভিন্ন দলৰ বিষয়ববীয়াই আনুষ্ঠানিক ভাৱে অসম গণ পৰিষদ দলত যোগদান কৰে। যোগদানকাৰীসকলৰ ভিতৰত অসম ৰাজ্যিক জমিয়ত উলেমা হিন্দৰ নেতা মেহতাবুল হক, অৱসাৰপ্ৰাপ্ত চৰকাৰী অভিযন্তা ত্ৰিদিবজ্যোতি ভূঞা, সদৌ অসম ইমাম সন্থাৰ সভাপতি হাফিজ চাহিনুৰ ইছলাম আদিয়ে যোগদান কৰে। যোগদানকাৰীসকলক আদৰণি জনাই সভাপতি বৰাই কয় যে, ৰাজ্যখনৰ উন্নয়ন আৰু সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসম গণ পৰিষদক শক্তিশালী কৰাটো সময়ৰ আহ্বান। ন-পুৰণি সকলো সদস্যই ঐক্যবদ্ধ ভাৱে অসমৰ জনসাধাৰণৰ কাষত থাকি অধিক গণসংযোগৰ জৰিয়তে দলটোক শক্তি প্ৰদান কৰিব লাগিব বুলি মতপোষণ কৰে। অনুষ্ঠানত কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যখনৰ সকলো স্তৰতে সাংগঠনিক ভাৱে দলটোক সম্প্ৰসাদৰণ কৰাত গুৰুত্ব প্ৰদান কৰি যোগদানকাৰীসকলক আদৰণি জনায়। অনুষ্ঠানত সাধাৰণ সম্পাদক, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, উপ-সভাপতি সুনীল ডেকা, সম্পাদক জয়ন্ত খাউণ্ড, অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য আদি উপস্থিত থাকে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ