কালি অসম গণ পৰিষদৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত এক যোগদান কাৰ্য্যসূচীত প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মহিবুল হক আৰু এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক ৰচুল হক বাহাদুৰসহ দুই শতাধিক বিভিন্ন দলৰ বিষয়ববীয়াই আনুষ্ঠানিক ভাৱে অসম গণ পৰিষদ দলত যোগদান কৰে। যোগদানকাৰীসকলৰ ভিতৰত অসম ৰাজ্যিক জমিয়ত উলেমা হিন্দৰ নেতা মেহতাবুল হক, অৱসাৰপ্ৰাপ্ত চৰকাৰী অভিযন্তা ত্ৰিদিবজ্যোতি ভূঞা, সদৌ অসম ইমাম সন্থাৰ সভাপতি হাফিজ চাহিনুৰ ইছলাম আদিয়ে যোগদান কৰে। যোগদানকাৰীসকলক আদৰণি জনাই সভাপতি বৰাই কয় যে, ৰাজ্যখনৰ উন্নয়ন আৰু সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসম গণ পৰিষদক শক্তিশালী কৰাটো সময়ৰ আহ্বান। ন-পুৰণি সকলো সদস্যই ঐক্যবদ্ধ ভাৱে অসমৰ জনসাধাৰণৰ কাষত থাকি অধিক গণসংযোগৰ জৰিয়তে দলটোক শক্তি প্ৰদান কৰিব লাগিব বুলি মতপোষণ কৰে। অনুষ্ঠানত কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যখনৰ সকলো স্তৰতে সাংগঠনিক ভাৱে দলটোক সম্প্ৰসাদৰণ কৰাত গুৰুত্ব প্ৰদান কৰি যোগদানকাৰীসকলক আদৰণি জনায়। অনুষ্ঠানত সাধাৰণ সম্পাদক, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, উপ-সভাপতি সুনীল ডেকা, সম্পাদক জয়ন্ত খাউণ্ড, অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য আদি উপস্থিত থাকে।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন