নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্রহণ কৰাৰ পাছৰে পৰা প্ৰতি মাহৰ এটা বা দুটা দেওবাৰে দেশৰ জনসাধাৰণৰ মনৰ ভাৱ জানিবলৈ আৰু চৰকাৰখনে ৰাইজৰ বাবে কেনে ধৰণৰ জনহিতকৰ আঁচনি গ্ৰহণ কৰিছে বা কাম কৰি আহিছে তাৰ এটা সম্যক ধাৰণা দিয়াৰ বাবে আকাশবাণীৰ জৰিয়তে ৰেডিঅ’ৰ মাধ্যমেৰে “প্ৰধানমন্ত্ৰীৰ মন কি বাত” নামৰ এটা জনপ্ৰিয় অনুষ্ঠান পৰিবেশন কৰি আহিছে । আনহাতে সেই অনুষ্ঠানটো বিজেপি দলৰ ফালৰ পৰা বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি দলটোৰ ৰাজ্যিক কাৰ্যালয়লৈকে কর্মী সকলক উদ্বুদ্ধ কৰাৰ বাবে অনুষ্ঠানটো সম্প্ৰচাৰ হৈ থকাৰ সময়ত ৰেডিঅ’ৰ মাধ্যমৰে শুনাৰ ব্যৱস্থা কৰি অহা হৈছে । আনহাতে যোৱা ২৬ জুনত অনুষ্ঠিত “প্ৰধানমন্ত্ৰীৰ মন কি বাত” অনুষ্ঠানটো বিজেপি দলে ৰাজ্যৰ আন আন সমষ্টি বা অঞ্চলৰ দৰে পশ্চিম গুৱাহাটীৰ ৰাণী মণ্ডলৰ অন্তৰ্গত কাহিকুছি পঞ্চায়তৰ ১২ নম্বৰ বুথৰ উদ্যোগত কাঁহিকুছিস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ প্ৰেক্ষাগৃহত ৰেডিঅ’ৰ জৰিয়তে শুনাৰ ব্যৱস্থা কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাগ লৈ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বৰ বাবে বিশ্বত আজি ভাৰতৰ স্থিতি মজবুত হৈছে। আমেৰিকা, ৰাছিয়াৰ দৰে শক্তিশালী ৰাষ্ট্ৰয়ো নৰেন্দ্ৰ মোদীৰ নেতৃত্বক উচ্চ প্ৰশংসা কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৰ অংশ হিচাপে চৰকাৰী আঁচনিৰ ধন পোনে পোনে হিতাধিকাৰীৰ বেংক একাউণ্টলৈ প্রেৰণৰ ব্যৱস্থা কৰি অহা হৈছে বুলি সাংসদ কুইন ওজাই সদৰি কৰে। অনুষ্ঠানত বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ কলিতা, ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথ ডাঙৰীয়া, ১৬ নম্বৰ ৰামচাৰাণী জিলা পৰিষদৰ সদস্য শিখা নাথ চৌধুৰী, ১২ নম্বৰ বুথৰ সভাপতিৰ লগতে ৰাণী মণ্ডলৰ বিষয়ববীয়া, শক্তি কেন্দ্ৰৰ আহবায়াক, বুথ কমিটিৰ সভাপতি, শংকৰদেৱ বিকাশ সমিতিৰ সভাপতি, সম্পাদক প্ৰমুখ্যে দলৰ ৰাণী মণ্ডল আৰু কাঁহিকুছি গাঁও পঞ্চায়তৰ কাৰ্যকর্তা উপস্থিত থাকে।
Trending
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika