অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ৰাজ্যৰ উদ্যমী মহিলা সকলৰ দক্ষতা বিকাশৰ বাবে বিগত বৰ্ষৰ পৰা কেতবোৰ বিশেষ আঁচনি গ্ৰহণ কৰি আহিছে । ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ ( এছ আই পি আৰ ডি ) অধীনৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰত ( ই টি চি ) উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত পহিলা জুনৰ পৰা চলি আছে ১০ ৰ পৰা ১৫ দিনীয়াকৈ দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী । প্ৰশিক্ষণ কাৰ্যসূচীত কামৰূপ , কামৰূপ মহানগৰ , নলবাৰী , গোৱালপাৰা , বৰপেটা , ডিব্ৰুগড় , নগাঁও , কাৰ্বি আংলং , হোজাই আৰু বঙাইগাঁও জিলাৰ প্ৰায় ২০০ জনী মহিলাই ভাগ লৈছে । কাৰ্যসূচীত ভাগ লোৱা মহিলা সকলক হস্ততাঁত , সূতা ৰং কৰা পদ্ধতি , সাজ পোচাক তৈয়াৰ কৰা , বেগ বনোৱা , বাঁহৰ দ্বাৰা বিভিন্ন আকৰ্ষণীয় সামগ্ৰী তৈয়াৰ কৰা , টেইলৰিং আদিৰ বাবে ১৫ আৰু ১০ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে । ইয়াৰে ৩০ জুনত ১০ দিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰা তিনিটা বেটছ আৰু ১৫ দিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰা দুটা বেটছৰ প্ৰশিক্ষণৰ সামৰণি পৰিছে । একোটা বেটছত ১৫ ৰ পৰা ১৮ জনীকৈ মহিলাই ভাগ লৈছে । আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীৰ অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উপ সঞ্চালক মঞ্জু ৰাণী গগৈ , ই টি চিৰ অধ্যক্ষ লালৰেম চিয়ামী গামলাই , উপ সঞ্চালক অনুপম দত্ত , ফেকাল্টি সদস্যদ্বয় ডঃ ৰিদিপ বৰা আৰু মনোৰঞ্জন চৌধুৰীকে ধৰি কেবাজনো বিষয়াই তদাৰক কৰি আহিছে । তেনেদৰে প্ৰশিক্ষণ কাৰ্যসূচীত সকলো দিশতে সহযোগিতা আগবঢ়াইছে ই টি চিৰ গাণনিকদ্বয় হেমেন বৈশ্য আৰু মনজিৎ পাঠকে । তেনেদৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছন চমুকৈ এ এছ আৰ এল এমৰ অধ্যাপক ডঃ চন্দন ঠাকুৰীয়া আৰু বি পি এম গুণজিৎ ঠাকুৰীয়ায়ো সহযোগিতা আগবঢ়াইছে ।আনহাতে প্ৰশিক্ষণ কাৰ্যসূচী সমূহ কাঁহিকুছিৰ উপৰিও হোজাই , চাংসাৰী , চন্দ্ৰপুৰ , বৰপেটা , পাঞ্জাবাৰী ,গোৱালপাৰা,বঙাইগাঁও,কাৰ্বি আংলং আৰু নগাঁওত ভাগে ভাগে চলি আছে।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল