বিগত বহু বছৰ ধৰি গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী পশ্চিম গুৱাহাটীৰ ৰাণীত “ৰাণী কোচিং চেণ্টাৰে” ক্ৰীড়াৰ এক বাতাৱৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । বৃহত্তৰ অঞ্চলটোৰ যুৱক-যুৱতীক ক্ৰীড়াৰ জৰিয়তে মানৱ সম্পদ গঢ়াৰ পৰিকল্পনাৰে এই কোচিং চেণ্টাৰে অনৱদ্য ভুমিকা গ্ৰহণ কৰি আহিছে । বহু প্ৰশিক্ষাৰ্থীয়ে আনকি এই ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈ ৰাষ্ট্ৰীয়- আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন খেলত পদক বুটলি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । আজি পুনৰ এই ৰাণী কোচিং চেণ্টাৰে অঞ্চলটোৰ ৰাজাপানীচন্দাত প্ৰশিক্ষণ কেন্দ্ৰ এটা মুকলি কৰে । অঞ্চলটোৰ সমাজসেৱক তথা অগপ নেতা ৰবীন দৈমাৰীয়ে মুকলি কৰে এই কেন্দ্ৰটি । দৈমাৰীৰ লগতে আন্তঃৰাষ্ট্ৰীয় সমৰ কলা খেলুৱৈ মনোজ কুমাৰ দাস , সুদক্ষ প্ৰাক্তন ব্লেক বেল্ট খেলুৱৈ তথা কোচিং চেণ্টাৰটোৰ সক্ৰীয় বিষয়ববীয়া ভাইটি বড়ো , বসন্ত বৰুৱা , সাংবাদিক ধৰ্মেন্দ্ৰ দাসৰ লগতে অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থী উপস্থিত থাকে । প্ৰতি সপ্তাহৰ শুক্ৰবাৰ , দেওবাৰ আৰু মংগলবাৰে আৱেলী ৩ বজাৰ পৰা ৫ বজালৈ বিশেষকৈ কিক বক্সিং , থাই বক্সিং , কাৰাটে , উশ্বু , আদি খেলৰ অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হ’ব বুলি ভাইতি বড়োৱে জানিবলৈ দিয়ে ।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon