গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ এন এছ এছ গোটৰ স্বেচ্ছাসেৱক সকলে বিশ্ববিদ্যালয়খনৰ ছাত্ৰকল্যাণ সঞ্চালক আৰু এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতি আৰু এন এছ এছ কাৰ্যসূচী বিষয়া ড০ ঋতুপৰ্ণ বৰাৰ নেতৃত্বত দৰং জিলাৰ নিজ ৰঙামাটি, চোটোনগাঁও আৰু বৰনগাঁও অঞ্চলত বান সাহাৰ্য সামগ্ৰী বিতৰণ কৰে। প্ৰায় ২৫০ টা পৰিয়ালক অত্যাৱশ্যকীয় সামগ্ৰী চাউল, ডালি , চেনি, নিমখ, সৰিয়হ তেল , চেনিটেৰী পেড, মহ খেদা কয়েল, মম আদি বিতৰণ কৰা হয়, লগতে বান সম্পৰ্কীয় সজাগতা আৰু বান পৰৱৰ্তী সমস্যাৰ মোকাবিলা কেনেকৈ কৰিব এই বিষয়ে সকলোকে অৱগত কৰে। স্বেচ্ছাসেৱকৰ দলটোত প্ৰিয়া দত্ত, মনিষা ডেকা, পিজুষ শৰ্মা, ডলি চৌধুৰী, কিৰণ সৰকাৰ, ৰাজদীপ বৰুৱা, উজ্জ্বল পাল, সুভাংকৰ দে, হীৰক জ্যোতি গগৈ, আদিলুদ্দিন আহমেদ, নম্ৰতা আগমাচাৰ্য, বিজু গায়ন, নিৰঞ্জন বৰা, নিহা বড়ো, সৌৰভ দেউৰী, তুষাৰ ৰঞ্জন বৰা, কৃষ্ণানু শৰ্মাফুকন। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈ, ছাত্ৰকল্যাণ সঞ্চালক ডাঃ ৰঞ্জন কুমাৰ কাকতি,গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা, হোষ্টেল আবাসীসকল, ছাত্ৰসমাজ ,বিষয়া সকলে বান সাহাৰ্য বাবে সহায়ৰ হাত আগবঢ়ায়।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন