শনিবাৰে মহানগৰীৰ কাহিলিপাৰাস্থিত জ্যোতি চিত্ৰবনত আৰ. বি. প্ৰডাকচনৰ বেনাৰত ৰজনী বৰ্মন (ৰাজ)ৰ পৰিচালনাত নিৰ্মিত নতুন অসমীয়া চলচ্চিত্ৰ ‘লংকাকাণ্ড’ৰ ট্ৰেইলাৰ শুভমুক্তি দিয়া হয়৷ আড়ম্বৰপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা যতীন বৰা, নৰ্থ-ইষ্ট কেঞ্চাৰ হাস্পতালৰ অধ্যক্ষ গণেশ তামুলীকে আদি কৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি৷ চলচ্চিত্ৰখনৰ কাহিনী-চিত্ৰনাট্য ৰজনী বৰ্মন (ৰাজ)ৰ, প্ৰযোজনা কৰিছে মনিষ আগৰৱালাই৷ সহযোগী প্ৰযোজক গণেশ প্ৰসাদ, টুনটুন শইকীয়া বৰ্মন, গোবিন চন্দ্ৰ বড়ো৷ ছবিখনিত অভিনয় কৰিছে ক্ৰমে– নিপন গোস্বামী, মৃদুল ভূঞা, চম্পক শৰ্মা, ৰীণা বৰা, অতুল পাচনী, ভ্ৰান্তি মেধি, বিবেক বৰা, মুনমী ফুকন, পল ফুকন, ড॰ আলখ্য বৰুৱা, জুনজুন বৰা, চিৰঞ্জীত বৰা, দোলা পাল, অমূল্য কুমাৰ, ৰমেন তামুলী, বাব্লী বৰা, যতীন খনিকৰ, জয়ন্ত দাস, কবিতা চুতিয়া, লিকুমা শৰ্মা, টুনটুন শইকীয়া বৰ্মন, বিনয় ডেকা, অঞ্জনজ্যোতি বেজ, তপন শইকীয়া, প্ৰকাশ মেধি, তৰুণ বৰা আৰু বহুতো ন-পুৰণি শিল্পীৰ লগতে শিশু শিল্পী শ্ৰেয়া, অদিতি নন্দিনী আৰু নিশান৷ চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছে চনু ডেকা আৰু ধৰ্ম থাপা৷ সংগীত পৰিচালনা অজয় ফুকন, গৌতম শৰ্মা, মৃণাল বৈষ্ণৱ৷ সংগীত ব্যৱস্থাপনা শেখৰজ্যোতি গোস্বামী আৰু সুদৰ্শন বৰকটকী৷ ছবিখনিৰ গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, নীল আকাশস, দীপলিনা ডেকা আৰু ৰিটিশাই৷ আৱহ সংগীত অজয় ফুকন, ছাউণ্ড ডিজাইনাৰ অনুপ মুখাৰ্জী (মুম্বাই)৷ পুণঃশব্দ সংযোজন কৰিছে দীপক কুমাৰ দত্ত আৰু বাবুল দাসে৷ সম্পাদনা আৰু ডি.আই কৰিছে শ্যামল দাসে৷ সমৰকলা নিৰ্দেশনা আৰ. কে. শ্ৰী আৰু দাক্ষিণাত্যৰ একশ্বন গ্ৰুপে৷ নৃত্য নিৰ্দেশনা কৰিছে দীপক দে, অসীম গগৈ, শশীন বৰুৱাই৷ ভি. এফ. এক্স কৰিছে মৃগাংক পাৰ্তিক পৰাশৰ৷ ৰূপসজ্জা ৰুমী গোস্বামী, মিনতি ডেকা আৰু পিযু শৰ্মাৰ৷ উল্লেখ্য যে অহা ২৮ অক্টোবৰত ছবিখনি চিত্ৰগৃহলৈ আহিব বুলি প্ৰযোজকে জানিবলৈ দিছে৷
Trending
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন