এজন প্ৰাক্তন সৈনিকৰ মহানুভৱতা। দীৰ্ঘদিন ভাৰত মাতৃৰ সুৰক্ষাৰ দ্বায়িত্বত নিজকে আত্মনিয়োগ কৰি অৱসৰৰ পাছত বিভিন্ন সামাজিক কামত ব্যস্ত হৈ পৰিছে। নগাঁৱৰ নিকটৱৰ্টী বোৱালগুৰি বাসিন্ধা এই জন প্ৰাক্তন সৈনিক ধৰনী বৰা। অঞ্চলৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ লগত সততে পৃষ্ঠপোষকৰ দ্বায়িত্ব পালন কৰা বৰাই ব্যক্তগত ভাৱেও বহুতকে সহায় কৰি আহিছে। অনুসূচিত জাতি, অনুসূচিত জন জাতি আৰু কোঁচ সম্প্ৰদায়ৰ লোকৰ বসতিপ্ৰধান অঞ্চলটোৰ তিনিটা ৰাজহুৱা নামঘৰ আদৰ্শ বুঢ়া নামঘৰ, বোৱালগুৰি বুঢ়া নামঘৰ আৰু জন জাতি বৰনামঘৰত বৰাই আজি হিন্দু ধৰ্মৰ মহাশাস্ত্র শ্ৰীমদ্ভাগৱত তিনিভাগ আগবঢ়াই মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে। আজি তিনিওটা জনগোষ্ঠীৰ বহু সংখ্যক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত ধৰ্মীয় পৰম্পৰাৰে নাম কীৰ্তন, খোল প্ৰসংগৰে শ্ৰীমদ্ভাগৱত আদৰণি জনাই নামঘৰলৈ লৈ যোৱা হয়।
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।