কভিড -১৯ কেন্দ্ৰীক পৰিস্থিতিৰ বাবে দুটা বছৰ সম্পূৰ্ণ বন্ধ হৈ থকাৰ পাছত আন আন ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে পুনৰ নাট্যপ্ৰেমী ৰাইজৰ শুভাশীষ বিচাৰি আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ৰাজতিলক থিয়েটাৰেও ২২-২৩ নাট্যবৰ্ষৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। যোৱা দুটা বৰ্ষৰ বিৰতিৰ পাছত চলিত নাট্যবৰ্ষত ৰাজতিলক থিয়েটাৰৰ মঞ্চত দেখিবলৈ পাব বিশিষ্ট নাট্যকাৰ-পৰিচালক – অভিনেতা চম্পক শৰ্মাৰ তীক্ষ্ণ কলমৰ সৃষ্টি ‘মহিষাসুৰ’ আৰু ‘গংগাজল’। ইতিমধ্যে দুয়োখন নাটকৰে প্ৰমো ভিডিঅ’ মুকলি কৰি দৰ্শকৰ সমাদৰ লাভ কৰিছে নাট্যদলটোৱে। আনহাতে, নাট্যকাৰ-পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মাৰ এক হৃদয়স্পর্শী কাহিনীৰে ৰাজতিলকৰ মঞ্চত চাবলৈ পাব ‘বিবাহ বার্ষিকী’। উল্লেখ্য যে ৰাজতিলকৰ মঞ্চত এইবাৰ অভিনয় কৰিব চম্পক শৰ্মা, সুদর্শন নায়ক, চন্দন ডেকা, মিতুল বালাজী, দুলাল শর্মা, হেমাংগ ৰাজ, উৎপল ঠাকুৰীয়া, প্ৰাঞ্জনা দত্ত, আকাশী বৰুৱা, লীজা বৰুৱা আৰু বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। আনহাতে পশ্চিম গুৱাহাটীৰ ৰাণী বজাৰৰ পৰা মাত্ৰ তিনি কিঃমিঃ নিলগৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ নাৰগাঁওত থকা ৰাজতিলক থিয়েটাৰৰ স্থায়ী আখৰা গৃহত আজি মাংগলিক কাৰ্যৰ মাজেৰে আখৰাৰ শুভাৰম্ভ কৰে থিয়েটাৰ খনৰ প্ৰযোজিকা মধুমিতা বিশ্ব শৰ্মাই । এই উপলক্ষে আয়োজিত চমু অনুষ্ঠানত থিয়েটাৰখনত চুক্তিবদ্ধ হোৱা কেবাগৰাকী অভিনেতা – অভিনেত্ৰী , শিল্পী , কলা – কুশলী , আৰু সাংস্কৃতিক জগতৰ আমন্ত্ৰিত কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ৰাজতিলক থিয়েটাৰৰ সম্পাদক দীপক কলিতাই জনোৱা মতে ইতিমধ্যে নাট্যদলটোৱে চলিত নাট্যবৰ্ষৰ প্ৰায় ৭০ শতাংশ পেণ্ডেল বুকিঙৰ নিমন্ত্ৰণ লাভ কৰিছে । আখৰা কাৰ্যৰ শুভাৰম্ভ কৰাৰ পাছত অহা ১৫ আগষ্টৰ পাছত দৰ্শকৰ উপস্থিতিত আখৰা স্থানত মঞ্চত নাট প্ৰদৰ্শন কৰিব।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন