সমগ্ৰ ভাৰতবৰ্ষত ১৬ জুলাইত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ আই চি এ আৰৰ প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰিছে। এই উপলক্ষে কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত মূৰব্বী তথা প্ৰধান বিজ্ঞানী ড০ ধীৰেন্দ্ৰ নাথ কলিতাৰ সৱল নেতৃত্বত ৯৪তম আই.চি.এ.আৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত কেন্দ্ৰীয়ভাৱে ভাৰ্চুৱেল অনুষ্ঠান কামৰূপ কৃষক ৰাইজৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে অনুষ্ঠিত হয়। বিশেষকৈ কৃষকৰ আয় দুগুনীকৰণ (DFI)ৰ আঁচনিৰ অন্তৰ্ভুক্ত কষক যুৱক-যুৱতীসকল এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে। ভাৰ্চুৱেল যোগে কেন্দ্ৰীয়ভাৱে জলবায়ু সহিষ্ণু খেতি, ভূমি সংৰক্ষণ, প্ৰাকৃতিক খেতি উদ্যান শস্য আদি কৃষি সম্বন্ধীয় বিষয়ৰ ওপৰত সম্প্ৰচাৰ কৰে। কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে বহুতো কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত কৃষক ৰাইজৰ লগত মতবিনিময় কৰে। কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ আৰু কৰ্মকৰ্তাসকলৰ সহযোগিতাত ২০০ জনৰো অধিক কৃষক, যুৱক-যুৱতী, মহিলাৰ উপস্থিতিত সফলতাভাৱে এই প্ৰতিষ্ঠা দিৱস কৰে।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon