সমগ্ৰ দেশৰ লগতে অসমতো অস্বাস্থ্যকৰ পেকেজড খাদ্যৰ বিক্ৰীৰ সমান্তৰাল ভাৱে বৃদ্ধি পাইছে হৃদ আৰু অন্যান্য অসংক্ৰমিত ৰোগীৰ সংখ্যা। শুকুৰবাৰে গুৱাহাটীৰ হোটেল ৰিভিয়েৰাত কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসম আৰু কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ উদ্যোগত ৰাজ্যৰ আগশাৰীৰ খাদ্য প্ৰস্তুতৰ সৈতে জড়িত উদ্যোগ গোষ্ঠীৰ প্ৰতিনিধিৰ উপস্থিতিত এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত উপস্থিত উদ্যোগ গোষ্ঠীৰ প্ৰতিনিধি সকলে গ্ৰাহকে যাতে স্বাস্থ্যসন্মত খাদ্য বাচনি কৰিব পাৰে, তাৰ বাবে পেকেজড ফুডৰ সন্মুখভাগত স্বাস্থ্য সম্বন্ধীয় সতৰ্কবাৰ্তা, খাদ্যবস্তুত মিহলি হৈ থকা নিমখ, চেনী আৰু সংপৃক্ত চৰ্বিৰ পৰিমাণ স্পষ্ট ভাবে উল্লেখ কৰাৰ সপক্ষে ঐক্য মন প্ৰকাশ কৰে। কৰ্মশালাত উপস্থিত থাকি নিভাঁজৰ অধ্যক্ষ ডঃ বীৰেন্দ্ৰ কুমাৰ দাস, ৰিপ’জৰ মহাপ্ৰবন্ধক স্বপন নাথ, সীতাজখলাৰ পৰিচালন সঞ্চালক ঋষিকেশ আচাৰ্যই পেকেজড খাদ্য বিক্ৰীৰ ক্ষেত্ৰত চৰকাৰৰ নীতি নিৰ্দেশনা পালন কৰা ক্ষেত্ৰত তেওঁলোক দায়বদ্ধ বুলি মত প্ৰকাশ কৰে। তাপশ্ৰী মৈত্ৰই আঁত ধৰা কৰ্মশালা খনত উপস্থিত থাকি নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ সঞ্চালক ডাঃ মুনিন্দ্ৰ নাৰায়ণ বৰুৱাই কয়- “অধিকাংশ পেকেজিং খাদ্যত অধিক মাত্ৰাত নিমখ, চডিয়াম, সংপৃক্ত চৰ্বি আৰু পৰিশোধিত কাৰ্বহাইড্ৰেড ব্যৱহাৰ হয় আৰু এনে খাদ্য ব্যৱহাৰ বৃদ্ধিৰ সমান্তৰাল ভাৱে বৃদ্ধি পাইছে বহুমূত্ৰ, মেদবহুলতা, ষ্ট্ৰক, হৃদৰোগ আদি। প্ৰতি বছৰে দেশত ৬৫ শতাংশ লোক এইসমূহ ৰোগত মৃত্যুমুখত পৰে। কৰ্মশালাত উপস্থিত থাকি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয়- “পেকেজিং ফুডৰ সন্মুখ ভাগত গ্ৰাহকে অতি সহজে বুজিব পৰাকৈ সকলো সতৰ্কবাৰ্তা স্পষ্ট আৰু সৰলকৈ তথা বাধ্যতামূলক ভাবে লিখা থাকিব লাগে। কৰ্মশালাত অসম চৰকাৰৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ বিষয়াদ্বয় অনুপম গগৈ আৰু সমীৰণ বৰুৱা উপস্থিত থাকি প্ৰতিজন গ্ৰাহকে যাতে নিৰাপদ, স্বাস্থ্যসন্মত আৰু সুৰক্ষিত খাদ্য লাভ কৰে তাৰ বাবে ৰাজ্য চৰকাৰে সদায় কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অহা বুলি মত প্ৰকাশ কৰে। কৰ্মশালাত কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ নিলাঞ্জনা বোস উপস্থিত থাকি অস্বাস্থ্যকৰ পেকেজিং খাদ্যৰ ভয়াবহ দিশ সমূহ তথ্য সহকাৰে উল্লেখ কৰি কয়- দেশত বহুমূত্ৰ ৰোগীৰ সংখ্যা ২০২৫ চনত ৬৯.৯ মিলিয়ন আৰু ২০৩০ চনত ৮০ মিলিয়ন হোৱাৰ আশংকা কৰা হৈছে। দেশত প্ৰতি ৪ জনৰ এজনে মেদবহুলতাত আক্ৰান্ত।
Trending
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন