ঃ সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি ৰাজ্যৰ বিভিন্ন দল-সংগঠনে বাংলাদেশৰ পৰা এতিয়াও অবাধে বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমত প্ৰৱেশ কৰি আছে বুলি সময়ে সময়ে অভিযোগ কৰি আহিছে। আনহাতে, ইয়াৰ মাজতে ভাৰত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা আৰু নিৰাপত্তাৰ দায়িত্বত থকা সীমান্ত নিৰাপত্তা বাহিনীৰ (বিএছএফ) আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্রণ্টিয়াৰ মুখ্য কার্যালয়েও বাংলাদেশী অনুপ্ৰৱেশকাৰী যাতে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি সতর্ক দৃষ্টি ৰাখিছে। এই সতর্কতাৰ মাজতে ২০ আৰু ২১ জুলাই এই দুটা দিনত চুবুৰীয়া পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ সেউতি গাঁৱৰ সীমান্তৰে অসমৰ ধুবুৰী জিলাত প্ৰৱেশ কৰিব বিচৰা দহজন বাংলাদেশীক আটক কৰে। বিএছএফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ জনসম্পৰ্কৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি আটক হোৱা দহজন বাংলাদেশীৰ ভিতৰত আছে চাৰিটা শিশু, তিনিজনকৈ পুৰুষ আৰু মহিলা। অৱশেষত ধৃত আটাইকেইজন বাংলাদেশীক ২১ জুলাইত বিয়লি কোচবিহাৰ জিলাৰ সংশ্লিষ্ট এলেকাৰ স্থানীয় আৰক্ষী থানাত বিএছএফে গতাই দিয়ে। জানিব পৰা মতে ধৃত বাংলাদেশীকেইজনক বিএছএফে ধৰিব নোৱাৰিলে কোচবিহাৰৰ পৰা মাত্র এক ঘণ্টাতকৈ কম দূৰত্বৰ তথা সংখ্যালঘু অধ্যুষিত জিলা হিচাপে পৰিচিত ধুবুৰীত অতি সহজে প্ৰৱেশ কৰাৰ আশংকা আছিল । ইফালে, কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহে পূৰ্বতেও আশংকা কৰা ধৰণে পি এফ আই , চি এফ আই , জে এম বিকে ধৰি কেইবাটাও ভাৰত বিৰোধী ইছলামিক মৌলবাদী সংগঠনে বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা বাংলাদেশী মুছলমান সকলক অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, আনকি ৰেচন কাৰ্ডপৰ্যন্ত প্রস্তুত কৰি দি তেওঁলোকক ভাৰতীয় নাগৰিক হিচাপে প্ৰতিপন্ন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon