গুৱাহাটী চিলড্ৰেন ফিল্ম স্কুলৰ উদ্যোগত আৰু নৱ-সংকল্প থিয়েটাৰ আৰ্টচৰ সহযোগত অভিনয় আৰু ছবি নিৰ্মাণৰ কৌশল বিষয়ক এক কৰ্মশালা সফলতাৰে সম্পন্ন হয় । কৰ্মশালাত গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ ১০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শিক্ষাৰ্থী সকলক অভিনয়ৰ লগতে ছবি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় কেমেৰা, পোহৰ প্ৰক্ষেপন, শব্দ গ্ৰহণৰ প্ৰক্ৰিয়াৰ উপৰি ছবি এখনৰ চিত্ৰ গ্ৰহণ কৰাৰ পাছত সম্পাদনা কৰা পদ্ধতিৰ বিষয়ে প্ৰাথমিক জ্ঞান সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয় । প্ৰশিক্ষাৰ্থীসকলক এইবোৰৰ উপৰিও শাৰিৰীক, মানসিক, বৌদ্ধিক আৰু নৈতিকতাৰ বিভিন্ন বিষয়ত পাঠদান আগবঢ়োৱা হয় ৷ ৩১ জুলাইত প্ৰশিক্ষাৰ্থীসকলক প্ৰমানপত্ৰ বিতৰন কৰি এখন শিশু ধাৰাবাহিক আৰু কেইবাখনো নীতি-শিক্ষামূলক চুটিছবিৰ পৰিকল্পনা কৰা হয়। তদুপৰি আগষ্ট মাহৰ প্ৰথম শনিবাৰৰ পৰা জু-ৰোডৰ ভি-মাৰ্টৰ কাষৰ গুৱাহাটী চিলড্ৰেন ফিল্ম স্কুলৰ উদ্যোগত অভিনয় আৰু ছবি নিৰ্মাণৰ নিয়মিত পাঠদান চলি থাকিব। অভিনয়ৰ আগ্ৰহী সকলে চিলড্ৰেন ফিল্ম স্কুলৰ Facebook page ৰ জৰিয়তে সবিশেষ জানিব পাৰিব।
Trending
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ