পশ্চিম গুৱাহাটীৰ ৰাণী মণ্ডলৰ অন্তৰ্গত কাঁহিকুছি গাঁও পঞ্চায়তৰ যোগীপাৰা নামঘৰ প্ৰাঙ্গনত ভাৰতীয় জনতা পার্টি, বৌদ্ধিক কোষ অসম প্ৰদেশ, গুৱাহাটী মহানগৰ জিলা আৰু ৰাণী মণ্ডলৰ সহযোগত পহিলা আগষ্টত এক বক্তৃতামালা প্রতিযোগিতা অনুষ্ঠিত হৈ যায় । প্ৰতিযোগিতাৰ বিষয় আছিল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰ আৰু অসম তেনেদৰে সৰ্বসাধাৰণৰ দৃষ্টিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰ । আনহাতে গুৱাহাটী জিলা ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাত বিভিন্ন মণ্ডল আৰু বিজেপিৰ আন আন শাখা সমূহৰ পৰা প্ৰায় ৩৫ জন প্ৰতিযোগীয়ে ভাগ লয় । আনহাতে প্ৰতিযোগিতাত পশ্চিম গুৱাহাটী মণ্ডলৰ বিৰজা দেৱীয়ে প্ৰথম , ডিমৰীয়া মণ্ডলৰ ধ্ৰুৱজ্যোতি মেধিয়ে দ্বিতীয় , ৰাণী মণ্ডলৰ নিজৰা কলিতা আৰু গুৱাহাটী জিলা কিষাণ মৰ্চাৰ সঞ্জীৱ ডেকাই যুটীয়া ভাবে তৃতীয় স্থান লাভ কৰে । আনহাতে প্ৰতিযোগিতা আৰু বঁটা প্ৰদান অনুষ্ঠানত বিজেপিৰ অসম ৰাজ্যিক কমিটিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা , গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন চন্দ্ৰ কলিতা ,প্ৰদেশ বৌদ্ধিক কোষৰ আহ্বায়ক ধ্ৰুৱ বৈশ্য ,ৰাজ্যিক বৌদ্ধিক কোষৰ সদস্যদ্বয় ডঃ দিলীপ কলিতা আৰু চিৰঞ্জীত লহকৰ ,বক্তৃতা প্ৰতিযোগিতাৰ বিচাৰকদ্বয় ক্ৰমে ডাঃ লোকেন প্ৰসাদ ডেকা আৰু প্ৰাণতোষ ৰয় ,ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথ,জিলা পৰিষদৰ সদস্য শিখা নাথ চৌধুৰী ,আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপী , মাজিৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্যকে। ধৰি কেবাজনো পঞ্চায়ত প্ৰতিনিধি ,গুৱাহাটী মহানগৰ জিলাৰ বিষয়ববীয়া কাৰ্যনিৰ্বাহক সদস্যআৰু ১২টা মণ্ডলৰ বহু কাৰ্যকর্তা উপস্থিত থাকে।
Trending
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare