ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭২ সংখ্যক মৃত্যুতিথিত আজি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদত তেওঁক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই। এই উপলক্ষে আদানী গ্রুপৰ জনসম্পৰ্কৰক্ষী বিষয়া ৰুমা দেৱীয়ে আঁতধৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত ভাষণ প্ৰসংগত উৎপল বৰুৱাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বৰ্ণাঢ্য ব্যক্তিত্বৰ ওপৰত আলোকপাত কৰি গ্ৰুপিংঙৰ সময়ত বৰদলৈয়ে নানান প্ৰত্যবাহন নেওচিও কিদৰে তেতিয়াৰ অবিভক্ত অসমক পূব পাকিস্তান তথা বৰ্তমানৰ বাংলাদেশত অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা কৰিছিল সেই সম্পৰ্কে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। আনকি লোকপ্ৰিয়ৰ দৃঢ় নেতৃত্বৰ বাবে অসম আৰু অসমীয়া জাতি পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা পৰা বাবেহে অসমীয়াই আজি বিশ্বত এক সুকীয়া জাতি হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে বুলি ব্যক্ত কৰি ইয়াৰ বাবে অসমীয়া জাতি সদায় লোকপ্ৰিয়ৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিব বুলি উৎপল বৰুৱাই সদৰি কৰে। আনহাতে অনুষ্ঠানত বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা চি আই এছ এফ ইউনিটৰ কমাণ্ডেণ্ট লাল মোহন ঠাকুৰ, ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মানৱ সম্পদ বিভাগৰ মহাপ্ৰৱন্ধক জ্ঞান পাত্ৰকে ধৰি কেবাজনো বিষয়াই উপস্থিত থাকি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
Trending
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ