ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭২ সংখ্যক মৃত্যুতিথিত আজি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদত তেওঁক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই। এই উপলক্ষে আদানী গ্রুপৰ জনসম্পৰ্কৰক্ষী বিষয়া ৰুমা দেৱীয়ে আঁতধৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত ভাষণ প্ৰসংগত উৎপল বৰুৱাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বৰ্ণাঢ্য ব্যক্তিত্বৰ ওপৰত আলোকপাত কৰি গ্ৰুপিংঙৰ সময়ত বৰদলৈয়ে নানান প্ৰত্যবাহন নেওচিও কিদৰে তেতিয়াৰ অবিভক্ত অসমক পূব পাকিস্তান তথা বৰ্তমানৰ বাংলাদেশত অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা কৰিছিল সেই সম্পৰ্কে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। আনকি লোকপ্ৰিয়ৰ দৃঢ় নেতৃত্বৰ বাবে অসম আৰু অসমীয়া জাতি পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা পৰা বাবেহে অসমীয়াই আজি বিশ্বত এক সুকীয়া জাতি হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে বুলি ব্যক্ত কৰি ইয়াৰ বাবে অসমীয়া জাতি সদায় লোকপ্ৰিয়ৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিব বুলি উৎপল বৰুৱাই সদৰি কৰে। আনহাতে অনুষ্ঠানত বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা চি আই এছ এফ ইউনিটৰ কমাণ্ডেণ্ট লাল মোহন ঠাকুৰ, ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মানৱ সম্পদ বিভাগৰ মহাপ্ৰৱন্ধক জ্ঞান পাত্ৰকে ধৰি কেবাজনো বিষয়াই উপস্থিত থাকি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
Trending
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক
- অসমৰ ২০টা গুৰুত্বপূর্ণ স্থানত বিশেষ মক ড্ৰিল
- পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং, পলিং বিষয়া- কাইলৈ কামৰূপ মহানগৰ জিলাৰ ২৬৬ টা কেন্দ্ৰত ভোটগ্ৰহণ