মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচীৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে গ্ৰহণ কৰা কাৰ্যসূচী পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৃক্ষৰোপণ কৰি মুকলি কৰি যোৱাৰ পিছতে শুকুৰবাৰে কাৰ্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰী একগোট হৈ জ্যোতিপ্ৰসাদৰ মহান বাণী “সেউজী সেউজী সেউজীয়া, সেউজী ধৰণী ধুনীয়া” লক্ষ্যৰে আগবাঢ়ি আহে । উল্লেখ্য যে, সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত কাৰ্যালয়ে গ্ৰহণ কৰা বৃক্ষৰোপণ কাৰ্যসূচীত আন দুগৰাকী জিলা পৰিবহণ বিষয়া ক্ৰমে আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম আৰু প্ৰবৰ্তক শাখাৰ পৰিবহণ বিষয়া হিমাংশু দাসৰ উপস্থিতিত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৃক্ষৰোপণ এক মহৎ কাৰ্য বুলি মন্তব্য কৰ। বৃক্ষৰোপণৰ এই মহৎ কাৰ্যসূচীক অধিক সবল ৰূপত ৰূপায়ন কৰি কাৰ্যালয় চৌহদ চিৰসেউজীয়া আৰু স্বাস্থ্য অনুকুল কৰি ৰাখিবলৈ পৰিবহণ মন্ত্ৰীগৰাকীয়ে আহবান জনায় ৷ পৰিবহণ মন্ত্ৰীগৰাকীৰ এই আহ্বানৰ পিছতে শুকুৰবাৰে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ উপস্থিতিত যানবহন পৰিদৰ্শক অমৰ বৰুৱা, কাণাই মহন্ত, জয়সিং ৰংফাৰকে ধৰি কাৰ্যালয়টোৰ অধীনৰ আটাইকেইটা বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে ফুল, ফল, ঔষধিকে ধৰি বিভিন্ন তৰহৰ এশৰো অধিক বৃক্ষৰোপন কৰি নিজে ৰোৱা প্ৰতিটো পুলিৰে নিয়মীয়াকৈ পৰিচৰ্যা কৰি প্ৰতিজোপা গছৰে পূৰ্ণ জীৱন দিয়াৰ বাবে সংকল্প লয়। উল্লেখ্য যে পৰিবহণ বিষয়াৰ কাৰ্যালয় চৌহদৰ খালি ঠাইসমূহত ইয়াৰ পিছতো পাৰ্যমানে বৃক্ষৰোপণ কৰি কাৰ্যালয়ৰ বৃহৎ চৌহদটো প্ৰদূষণমুক্ত তথা স্বাস্থ্য অনুকুল কৰি ৰাখি মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে কাৰ্যালয়ে পাৰ্যমানে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে মন্তব্য কৰে ৷
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ