স্বাধীনতা দিৱসৰ ৭৫ বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত ১৩ আৰু ১৪ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱ আৰু বিভাজন বিভীষিকা স্মৃতি দিৱসৰ আয়োজন কৰা হয়। ১৩ আগষ্টত প্ৰভাত ফেৰী কাৰ্য্যসূচী উদ্বোধন কৰে বিশ্ববিদ্যালখনৰ উপাচাৰ্য প্ৰফেছৰ প্ৰতাপজ্যোতি সন্দিকৈয়ে ।উক্ত প্ৰভাত ফেৰীত অংশগ্ৰহণ কৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, এন এছ এছৰ স্বেচ্ছাসেৱক, অধ্যাপক, বিষয়া-কৰ্মচাৰী সকল যিয়ে দেশৰ মাতৃৰ প্ৰতি প্ৰেম আৰু সন্মানৰ এক বৃহৎ সঁহাৰি প্ৰদৰ্শন কৰে। ইউ জি চিৰ নিৰ্দেশ অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহতো “বিভাজন বিভীষিকা স্মৃতি দিৱস”ৰ আয়োজন কৰা হয় আৰু তাৰ পিছত বিষয়টোৰ ওপৰত এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত সমূহ অতিথি আৰু অংশগ্ৰহণকাৰীক আদৰণি জনায় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথে । পি এইচ আৰ দিৱসৰ কাৰ্যসূচী উদ্বোধন কৰি উপাচাৰ্য সন্দিকৈয়ে কয় যে- বিভাজনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লাখ লাখ লোকৰ দুখ আৰু যন্ত্ৰণা পোহৰলৈ অনাৰ বাবে এই দিৱসৰ পৰিকল্পনা কৰা হৈছে। যোৱা শতিকাত হোৱা মানৱ জনসংখ্যাৰ সৰ্বাধিক স্থানান্তৰিত আৰু বহু লোকৰ প্ৰাণহানি হোৱাৰ কথা দেশবাসীক সোঁৱৰাই দিয়াৰ উদ্দেশ্যে এই দিৱস পালন কৰা হৈছে।আমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক আৰু কলাগুৰু দীপ্তি ফুকন পাটগিৰীয়ে কয় যে- ভাৰতৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া জনসাধাৰণৰ দুখ-কষ্ট প্ৰতিজন নাগৰিকে অনুভৱ কৰা উচিত।প্ৰদৰ্শনীখন উদ্বোধন কৰি অধ্যাপক পাটগিৰীয়ে ভাৰতৰ আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি স্বাধীনতা যুগলৈকে ব্যাখ্যা কৰে।বিশ্ববিদ্যালয়খনৰ ছাত্ৰকল্যান সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে এই কাৰ্যসূচীৰ পৰিচালনা কৰে আৰু প্ৰায় ১৫০ গৰাকী অংশগ্ৰহণকাৰীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
Trending
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ