স্বাধীনতা দিৱসৰ ৭৫ বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত ১৩ আৰু ১৪ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱ আৰু বিভাজন বিভীষিকা স্মৃতি দিৱসৰ আয়োজন কৰা হয়। ১৩ আগষ্টত প্ৰভাত ফেৰী কাৰ্য্যসূচী উদ্বোধন কৰে বিশ্ববিদ্যালখনৰ উপাচাৰ্য প্ৰফেছৰ প্ৰতাপজ্যোতি সন্দিকৈয়ে ।উক্ত প্ৰভাত ফেৰীত অংশগ্ৰহণ কৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, এন এছ এছৰ স্বেচ্ছাসেৱক, অধ্যাপক, বিষয়া-কৰ্মচাৰী সকল যিয়ে দেশৰ মাতৃৰ প্ৰতি প্ৰেম আৰু সন্মানৰ এক বৃহৎ সঁহাৰি প্ৰদৰ্শন কৰে। ইউ জি চিৰ নিৰ্দেশ অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহতো “বিভাজন বিভীষিকা স্মৃতি দিৱস”ৰ আয়োজন কৰা হয় আৰু তাৰ পিছত বিষয়টোৰ ওপৰত এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত সমূহ অতিথি আৰু অংশগ্ৰহণকাৰীক আদৰণি জনায় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথে । পি এইচ আৰ দিৱসৰ কাৰ্যসূচী উদ্বোধন কৰি উপাচাৰ্য সন্দিকৈয়ে কয় যে- বিভাজনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লাখ লাখ লোকৰ দুখ আৰু যন্ত্ৰণা পোহৰলৈ অনাৰ বাবে এই দিৱসৰ পৰিকল্পনা কৰা হৈছে। যোৱা শতিকাত হোৱা মানৱ জনসংখ্যাৰ সৰ্বাধিক স্থানান্তৰিত আৰু বহু লোকৰ প্ৰাণহানি হোৱাৰ কথা দেশবাসীক সোঁৱৰাই দিয়াৰ উদ্দেশ্যে এই দিৱস পালন কৰা হৈছে।আমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক আৰু কলাগুৰু দীপ্তি ফুকন পাটগিৰীয়ে কয় যে- ভাৰতৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া জনসাধাৰণৰ দুখ-কষ্ট প্ৰতিজন নাগৰিকে অনুভৱ কৰা উচিত।প্ৰদৰ্শনীখন উদ্বোধন কৰি অধ্যাপক পাটগিৰীয়ে ভাৰতৰ আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি স্বাধীনতা যুগলৈকে ব্যাখ্যা কৰে।বিশ্ববিদ্যালয়খনৰ ছাত্ৰকল্যান সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে এই কাৰ্যসূচীৰ পৰিচালনা কৰে আৰু প্ৰায় ১৫০ গৰাকী অংশগ্ৰহণকাৰীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
Trending
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare