কাব্য চৰ্চাৰ ক্ষেত্ৰত দক্ষিণ কামৰূপ অঞ্চলৰ ইতিহাস বহু পুৰণি। অসম কবি সমাজৰ স্বীকৃতিপ্ৰাপ্ত দক্ষিণ কামৰূপ কবি সমাজৰ প্ৰথম বাৰ্ষিক অধিৱেশনখনি আজি উপৰহালীৰ চিলাৰায় ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই উপলক্ষে আজি পুৱা পতাকা উত্তোলন কৰে দক্ষিণ কামৰূপ কবি সমাজৰ সভাপতি ড০ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই। তাৰ পিছতে সমাজৰ উপ সভাপতি কৈলাশ নাথ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা স্বৰচিত কবিতা পাঠ অনুষ্ঠানটিত অৰ্ধ শতাধিক নবীন প্ৰৱীন কবিয়ে কবিতা পাঠ কৰে। বিয়লি ড০ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাত কবি অশ্বিনী কুমাৰ তালুকদাৰ সম্পাদিত স্মৰণিকা ‘কবিতা কানন’ উন্মোচন কৰে অসম কবি সমাজৰ সভাপতি ৰাজেন্দ্ৰ নাথ বৰদলৈয়ে। নিৰ্দিষ্ট বক্তা হিচাপে অসম কবি সমাজৰ সম্পাদক প্ৰধান ৰাজীৱ কুমাৰ ফুকনে অংশগ্ৰহণ কৰি দক্ষিণ কামৰূপ কবি সমাজৰ এই প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ কবিতাৰ মূল্যবোধ, আধুনিক কবিতাৰ বিশ্লেষণ, কবিতাৰ ব্যঞ্জনা, কবিৰ দৃষ্টি, কবিৰ স্বাধীনতা, কবিতাৰ নান্দনিকতা আদি দিশৰ ওপৰত বক্তব্য ৰাখে। লেখক ৰোহিনী কুমাৰৰ ‘এই নদীয়েদি’ কাব্যগ্ৰন্থ উন্মোচন কৰে পলাশবাৰী সাহিত্য সভাৰ সভাপতি যুগল চন্দ্ৰ বৈশ্যই। কৈলাশ নাথ শৰ্মাৰ ‘কি সপোন দেখিলো’ নামৰ কাব্যগ্ৰন্থখন উন্মোচন কৰে প্ৰগতিশীল লিখক নৃপেন শৰ্মাই। লেখিকা নিৰুপমা মজুমদাৰৰ উপন্যাস উশাহ মোৰ জীৱনৰ উন্মোচন কৰি দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাৰ অধ্যাপক এডৱাৰ্ড ষ্টেডী এন চাংমাই কিতাপ পঢ়িব লাগে আৰু গঠনমূলক আলোচনাও লাগে বুলি মন্তব্য কৰে। এই অধিৱেশনত বিধায়ক হেমাংগ ঠাকুৰীয়াই অংশগ্ৰহণ কৰি কবি সমাজৰ এই অধিৱেশনৰ শলাগ লয়। অনাগত সময়ত কবি সমাজৰ বাবে ভূমি, গৃহ নিৰ্মাণ আদি ক্ষেত্ৰত সহায় কৰি যাব বুলি উল্লেখ কৰে।
Trending
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন