জামুগুৰিহাটৰ টুপীয়া পাঁচগাঁও সামুহিক ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে নেপালী ভাষা স্বীকৃতি দিৱস উদযাপন

0 263

ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত 1992 চনত ভাৰতীয় ভাষা হিচাপে স্বীকৃতি লাভ কৰা নেপালী ভাষাই আজি অতিক্ৰম কৰিলে তিনিটা দশক ৷ সেই উপলক্ষে পূৰ্ব্বৰ দৰেই এই বৰ্ষটো বৰ্ণাঢ্য কাৰ্যসূচীৰে জামুগুৰিহাটৰ টুপীয়া পাঁচ গাওঁ সামুহিক ভৱনত দিনযোৰা কাৰ্যসুচীৰে উদযাপিত হয় নেপালী ভাষা স্বীকৃতি দিৱস । এই উপলক্ষে আয়োজিত অনুষ্ঠানত স্থানীয় বহুসংখ্যক ৰাইজে অংশগ্ৰহণ কৰে ৷ পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পন কাৰ্যসুচীৰে পাতনি মেলা অনুষ্ঠানটিৰ আৰম্ভণিতে ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক চেবন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় এক কবিতা পাঠ অনুষ্ঠান ৷ ইয়াৰ পিছতেই সমাজকৰ্মী ক্ষেমৰাজ ছেত্ৰীৰ পৌৰহিত্যত অনুষ্ঠিত হয় এক বিশাল ৰাজহুৱা সভা ৷ উক্ত সভাত গোৰ্খা সম্প্ৰদায়ৰ বিশিষ্ট শিক্ষাবিদ তথা অবসৰী অধ্যক্ষ ইন্দ্ৰলাল শৰ্মা, শোনিতপুৰ জিলা গোৰ্খা সন্মিলনৰ কাৰ্যকৰী সভাপতি দধিৰাম চুবেদী, সম্পাদক ভুবন শৰ্মা, উপসভাপতি সঞ্জয় চিমখৰাৰ উপৰিও বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ সভাত গোৰ্খা সম্প্ৰদায়ৰ উন্নয়নৰ হকে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ো আলোচনা কৰা হয় ৷ গোৰ্খা সন্মিলনৰ মধ্য জামুগুৰি শাখাৰ সম্পাদক দধিৰাম পাঠকে আঁত ধৰা সভাখনিত শোনিতপুৰ জিলাৰ বহুসংখ্যক লোক উপস্থিত থাকি বিগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হোৱা গোৰ্খা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰী সকলক একোখনকৈ ফুলাম গামোছাৰে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে অভিনন্দন পত্ৰ আৰু একোটাকৈ কলম উপহাৰ দিয়া হয় ।

বাতৰি যু‌গুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.