পলাশবাৰীৰ মিৰ্জাস্থিত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানে বিগত বছৰ বোৰৰ দৰে এইবেলিও ২৪ আৰু ২৫ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদযাপন কৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে এটি বৈজ্ঞানিক সমাবেশৰ দ্বাৰা কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। সমাবেশত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ জ্যেষ্ঠ ফাৰ্মাচিষ্ট হেমন্ত বৰুৱা, আপছাৰ উপদেষ্টা ৰফিকুজ জামান, সাধাৰণ সম্পাদক সুধীৰ সাহাই উপস্থিত থাকি অনুষ্ঠানটোৰ শলাগ লয়। অনুষ্ঠানত শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে এখন বাটৰ নাট প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও প্ৰতিষ্ঠানৰ চৌহদত এন.এচ.এচ. গোটৰ সহযোগত এটি বিনামূলীয়া স্বাস্থ্য শিৱিৰ অনুষ্ঠিত কৰে। ইয়াৰ পিছতে প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বক্তৃতা, তৰ্ক, চিত্ৰকলা, পোষ্টাৰ প্ৰদৰ্শনী প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত শৈক্ষিক প্ৰতিষ্ঠানখনৰ একাডেমীক ডীন ড০ ভাৰ্গৱজ্যোতি চহৰীয়াই ফাৰ্মাচিষ্ট দিৱসৰ মুল বিষয়বস্তু ‘সুষ্ঠ পৃথিৱীৰ বাবে ফাৰ্মাচিষ্ট একত্ৰিত কাৰ্য’ৰ কাৰ্যৰ ওপৰত ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ যোগায়। প্ৰতিষ্ঠানখনৰ সহযোগী অধ্যাপক পূৰ্বজিৎ চেতিয়াই ভাষণ প্ৰদান কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। শেষত প্ৰতিষ্ঠানখনৰ একাডেমীক উপ-পঞ্জীয়ক ড০ অপূৰ্ব তালুকদাৰে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সমাৰণি পৰে।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ