আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী জীনা ৰাজকুমাৰী পুনৰ লণ্ডনত অনুষ্ঠান পৰিৱেশনৰ বাবে নিমন্ত্ৰীত হৈছে।লোক সংগীত আৰু নৃত্যৰ জৰিয়তে আন্তৰ্জাতিক পৰ্যায়ত সমাদৃত হৈ অহা শিল্পী গৰাকীয়ে ধাৰাবাহিক ভাৱে বিদেশৰ মাটিত অনুষ্ঠান পৰিৱেশন কৰি আহিছে।যুক্তৰাজ্য অসম সাহিত্য সভাই অনুষ্ঠিত কৰিব লগা ৫৭৪ তম শংকৰ জয়ন্তীত গীত পৰিৱেশনৰ বাবে নিমন্ত্ৰীত হৈছে জীনা ৰাজকুমাৰী।লণ্ডনৰ কিংছ লেংলি কমিউনিটি চেণ্টাৰত অহা ৮ অক্টোবৰ তাৰিখে জীনা ৰাজকুমাৰী আৰু তেওঁৰ দুই ছাত্ৰী অঞ্চিতা মহন্ত আৰু অনুস্মিতা মহন্তইও অনুষ্ঠান পৰিৱেশন কৰিব।উল্লেখযোগ্য যে সদস্য সমাপ্ত হোৱা North East India Festival আৰু লাউচত অনুষ্ঠিত সাংস্কৃতিক বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰশংসিত হৈছিল শিল্পী গৰাকী।জীনা ৰাজকুমাৰীয়ে ইয়াৰ পূৰ্বে চিন, থাইলেণ্ড,লাউচ,ভূটান,নেপাল, বাংলাদেশ,ইংলেণ্ড আদিত নিয়মীয়াকৈ অনুষ্ঠান পৰিৱেশন কৰি আহিছে।অহা ৫ অক্টোবৰ,২০২২ তাৰিখে শিল্পী দলটোৱে মুম্বাইৰ পৰা ডুবাই হৈ লণ্ডন অভিমুখে যাত্ৰা কৰিব।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon