পূৰ্ণিমা দেৱী বৰ্মনলৈ ২০২২ বৰ্ষৰ ‘দ্য ৱৰ্ল্ড ফিমেল ৰেঞ্জাৰ এৱাৰ্ড

0 194

অসমৰ বিখ্যাত সংৰক্ষণ নেত্ৰী তথা হাড়গিলা বাইদেউ হিচাপে পৰিচিত ড° পূৰ্ণিমা দেৱী বৰ্মনক আগবঢ়োৱা হৈছে ‘দ্য ৱৰ্ল্ড ফিমেল ৰেঞ্জাৰ এৱাৰ্ড, ২০২২’।আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা ‘হাউ মেনী এলিফেণ্টছৰ’ দ্বাৰা এই বিশেষ খিতাপ প্ৰদান কৰা হৈছে হাড়গিলা সেনাৰ প্ৰতিষ্ঠাপন পূৰ্ণিমা দেৱী বৰ্মনক।উল্লেখ্য যে,হাড়গিলা সম্পৰ্কে মানুহৰ ধাৰণা সলনি কৰাত সফলতা লাভ কৰিছিল সংৰক্ষণবিদ আৰু জীৱ বিজ্ঞানী ড° পূৰ্ণিমা দেৱী বৰ্মনে।

এদিন অকলে আৰম্ভ কৰা পূৰ্ণিমা দেৱী বৰ্মনৰ এই প্ৰচেষ্টাত আজি দহ সহস্ৰাধিক মহিলাই স্বতঃস্ফূৰ্তভাৱে জড়িত হৈ পৰিছে।হাউ মেনি এলিফেণ্টছৰ প্ৰতিষ্ঠাপক হলী বাজে যোৱা বছৰ তেওঁৰ অগ্ৰণী পদক্ষেপ বিশ্ব মহিলা ৰেঞ্জাৰ সপ্তাহ (২৩-৩০ জুন)ৰ সৈতে সংগতি ৰাখি বিশ্ব মহিলা ৰেঞ্জাৰ বঁটা ঘোষণা কৰিছিল।

Leave A Reply

Your email address will not be published.