সাত সাগৰ তেৰ নদীৰ সিপাৰে লণ্ডনত প্ৰদৰ্শিত হ’ব অসমসহ উত্তৰ- পূৰ্বাঞ্চলৰ কলা-সংস্কৃতি।লণ্ডনৰ নেহৰু কেন্দ্ৰত আয়োজন কৰা এক কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ কলা-সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব।কাইলৈ আৰম্ভ হ’ব লগীয়া এই কাৰ্যসূচী চলিব অহা ১৪ অক্টোবৰলৈ।ব্ৰিটেইনস্থিত উইমেন অৱ নৰ্থ ইষ্ট ছাপ’ট নেটৱৰ্কৰ উদ্যোগত আয়োজন কৰা এই কাৰ্যসূচীত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে ৰাজ্যকেইখনৰ চহকী কলা-সংস্কৃতি প্ৰদৰ্শিত হোৱাকৈ এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে।২০২০চনত গঠন হোৱা সংস্থাটোৱে এক বিবৃতিৰ জৰিয়তে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ কলা সংস্কৃতি প্ৰদৰ্শনৰ জৰিয়তে এই অঞ্চলটো যাতে পৰ্যটক সকলৰ বাবে এক লক্ষ্যস্থান হ’ব পাৰে,সেয়া উল্লেখ কৰিব বিচৰা হৈছে।তদুপৰি আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ সন্মুখত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ বিভিন্ন সাংস্কৃতিক পৰম্পৰা প্ৰদৰ্শন কৰাও এই প্ৰদৰ্শনীখনৰ লক্ষ্য বুলি তেওঁলোকে উল্লেখ কৰিছে।ইত্যাদি শুকুৰবাৰে এই প্ৰদৰ্শনীখনৰ আনুষ্ঠানিক ভাৱে আৰম্ভণি সম্পন্ন হৈছে।উদ্বোধনী অনুষ্ঠানত অসমৰ বিহুনৃত্য,সত্ৰীয়া নৃত্য,মেঘালয়ৰ হাৰভেক্ট। নৃত্য,মণিপুৰৰ ক্লাছিকেল কৃষ্ণ নৃত্যৰ উপৰি ছিকিম,নাগালেণ্ড,অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ আকৰ্ষণীয় স্থান সমূহৰ দৃশ্য-শ্ৰাব্য মাধ্যমৰ জৰিয়তে প্ৰদৰ্শন কৰা হয়।উদ্বোধনী অনুষ্ঠানত উচ্চাযুক্ত বিক্ৰম দোৰাইস্বামী আৰু নেহৰু কেন্দ্ৰৰ উপ সঞ্চালক সঞ্জয় কে শৰ্মা উপস্থিত থাকে।আজিৰ পৰা অনুষ্ঠিত হ’বলগীয়া প্ৰদৰ্শনীখনৰ প্ৰৱেশ বিনামূলীয়া হ’ব।উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকীও সুনিপুণ শিল্পীৰ কাম-কাজ প্ৰদৰ্শনীখনৰ জৰিয়তে প্ৰদৰ্শিত হ’ব।সমান্তৰাল ভাৱে সাংস্কৃতিক কাৰ্যসূচীও প্ৰদৰ্শনীৰ সময়ত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি