ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ স্বীকৃতিপ্ৰাপ্ত আৰু ভাৰতৰ সশস্ৰ বাহিনী সমূহৰ সকলো পৰ্যায়ৰ অৱসৰপ্ৰাপ্ত সৈনিক সকলৰ কল্যাণৰ বাবে গঠিত সৰ্বভাৰতীয় সংগঠন “অখিল ভাৰতীয় পূৰ্ব সৈনিক সেৱা পৰিষদ” চমুকৈ “এবিপিএছএছপি”ৰ অসমত সংগঠনটোৰ ৰাজ্যিক সমিতি গঠনকে ধৰি কাম-কাজ সমূহ আৰম্ভ কৰাৰ বাবে ভাৰতীয় নৌ সেনাৰ অৱসৰপ্ৰাপ্ত কম’ডৰ, সৈনিক কল্যাণ সঞ্চালকালয়, অসমৰ প্ৰাক্তন সঞ্চালক কমলেশ চন্দ্ৰ চৌধুৰীক আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে।সংগঠনটোৰ ৰাষ্ট্ৰীয় সভাপতি, ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ভি কে চতুৰ্বেদিয়ে যোৱা ১৬ অক্টোবৰত কমলেশ চন্দ্ৰ চৌধুৰীক এক পত্ৰ প্ৰেৰণ কৰি এই নিযুক্তিৰ বিষয়ে অৱগত কৰি সৈনিক কল্যাণ সঞ্চালকৰ দৰে গুৰুত্বপূৰ্ণ পদত সুখ্যাতিৰে প্ৰায় ৮ বছৰ কাৰ্যনিৰ্বাহ কৰি সঞ্চালকালয়ক এক নতুন মাত্ৰা প্ৰদান কৰা অভিজ্ঞতাৰে অসমত “এবিপিএছএছপি”ৰ কাম-কাজ আৰম্ভ কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে বৰ্তমান গুৱাহাটীৰ অম্বিকাগিৰী নগৰৰ ৫ নং উপ পথ নিবাসী কমলেশ চন্দ্ৰ চৌধুৰীয়ে ১৯৭৪ চনৰ জুলাই মাহত ভাৰতীয় নৌ সেনাত এক্টিং চাব লেফটেনেণ্ট হিচাপে যোগদান কৰিছিল। তাৰ পাছত সুখ্যাতিৰে ৩৫ বছৰ দেশৰ লগতে বিদেশতো কাৰ্যনিৰ্বাহ কৰি ২০০৯ চনৰ ৩১ জানুৱাৰীত ভাৰতীয় নৌ সেনাৰ চতুৰ্থ শীর্ষ পদবী হিচাপে পৰিগণিত কম’ডৰ পদৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে। ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা মডেলৰ (ভিএছএম) দৰে সন্মানীয় পদকৰে বিভূষিত চৌধুৰীয়ে পৰবৰ্তী ২০০৯ চনৰে ছেপ্টেম্বৰ মাহত অসম চৰকাৰৰ অধীনৰ সৈনিক কল্যাণ সঞ্চালকলয়ত সঞ্চালক হিচাপে যোগদান কৰে। তাৰ পাছত ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহলৈ সুখ্যাতিৰে প্ৰায় চাৰে সাত বছৰ কাৰ্যনিৰ্বাহ কৰি সঞ্চালকালয়টোক গতিশীল কৰাৰ লগতে এক নতুন মাত্ৰা প্ৰদান কৰে। উল্লেখযোগ্য নৌ সেনাত বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰাৰ সময়ছোৱাত কমলেশ চন্দ্ৰ চৌধুৰীয়ে ৰাছিয়াৰ ছেন্ট পিতাছবার্গত সেৱা আগবঢ়াইছিল। ইয়াৰ উপৰিও আফ্ৰিকা মহাদেশৰ কেনিয়াৰ ৰাজধানী নাইৰবীস্থিত ভাৰতীয় দূতাবাসতো তেওঁ প্ৰতিৰক্ষা উপদেষ্টা হিচাপে ৩ বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিল। সেই সময়ত আফ্ৰিকাৰ কেনিয়াৰ উপৰি ছোমালিয়া, টাঞ্জানিয়া, কেমেৰুণ আদি দেশত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। আনকি ভাৰতীয় নৌ সেনাৰ দুখন গুৰুত্বপূৰ্ণ যুদ্ধ জাহাজ আই এন এছ গংগা আৰু সুকন্যাৰ কমাণ্ডিং অফিচাৰৰ দায়িত্বত আছিল কমলেশ চন্দ্ৰ চৌধুৰী। উল্লেখযোগ্য যে বৰ্তমান তেওঁ প্ৰায় তিনি বছৰ ধৰি অসম চৰকাৰৰ অধীনৰ অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ উপদেষ্টাৰ দৰে গুৰুত্বপূৰ্ণ পদত চৰকাৰৰ পৰা এটকাও নোলোৱাকৈ সেৱা আগবঢ়াই আহিছে।
Trending
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika