যত্ন কৰিলে ৰত্ন পায় আৰু চেষ্টাৰ অসাধ্য একো নাই। চেষ্টা কৰিলে নোৱাৰা কাম কৰিব পাৰি। একক প্ৰচেষ্টাৰে হাতত লৈ একাগ্ৰতা তথা নিষ্ঠা সহকাৰে আগবাঢ়ি গলে নিশ্চয় সফলতা লাভ কৰিব পাৰি। এনে এক প্ৰচেষ্টা হাতত লৈ দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত দখলা ক’লনীৰ কৃষামণি কলিতাই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। পিতৃ হেমন্ত কলিতা আৰু মাতৃ আৰতী কলিতাৰ দ্বিতীয় কন্যা কৃষামণিয়ে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পদত কেইবাবাৰো প্ৰস্তুতি চলাই সফল হ’ব পৰা নাছিল। অৱশেষত যোৱা ১৮ ছেপ্টেম্বৰত ঘোষণা কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পদত নিযুক্তি পাবলৈ সক্ষম হৈছিল। কৃষামণি কলিতাৰ এনে সাফল্যত পৰিয়ালৰ লগতে দখলা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। সেয়েহে আজি দখলা কলিতাপাৰা ৰাইজ গয়ৰহৰ তৰফৰ পৰা এক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই উপলক্ষে কলিতাপাৰা ৰাইজ গয়ৰহৰ সভাপতি জয়ন্ত কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্যে ব্যাখ্যা কৰে ৰাইজ গয়ৰহৰ সাধাৰণ সম্পাদক জগদীশ দাসে। সভাত উপদেষ্টা হৰেণ কলিতা, পিতৃ হেমন্ত কলিতাই উপস্থিত থাকি পলাশবাৰী সমষ্টিৰ লগতে দখলা কলিতাপাৰা ৰাইজ গয়ৰহৰলৈ এক সুনাম কঢ়িয়াই অনাত গৌৰৱ অনুভৱ কৰা বুলি কৈ অনাগত সময়ত কৃষামণি কলিতাই অসম আৰক্ষীত নিষ্ঠা সহকাৰে সেৱা আগবঢ়াই অধিক পদন্নোতি হ’ব পাৰে তাৰে বাবে প্ৰেৰণা যোগাই উজ্বল ভৱিষ্যত কামনা কৰে। অনুষ্ঠানত ৰাইজ গয়ৰহৰ তৰফৰ পৰা কৃষামণি কলিতাক এখন মানপত্ৰ, ফুলাম গামোচা, জাপি আদিৰে সম্বৰ্ধনা জনোৱাৰ লগতে ৰাইজ গয়ৰহৰ প্ৰাক্তন সাধাৰণ সম্পাদক পুলক দাস আৰু ৰংমালা নামৰীয়া দল আৰু ৰুক্মিনী মালা দাসৰ দলে একোখনকৈ গামেচাৰে সম্বৰ্ধনা জনাই নগদ ধন প্ৰদান কৰে। সভাত ৰাইজ গয়ৰহৰ হৈ বাপধন কলিতা, প্ৰদীপ কলিতা, কামেশ্বৰ দাস, বিজিত দাস, কৃষ্ণ দাস আদিৰ লগতে বহুকেইজন জ্যেষ্ঠ লোক উপস্থিত থাকে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰংমালা আৰু ৰুক্মিণী মালা দাসৰ নামৰীয়া দলে নাম প্ৰসঙ্গৰো আয়োজন কৰে।
Trending
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika