উত্তৰ-পূব সীমান্ত ৰে’লৱেই ‘ছট’ পূজাৰ বাবে যাত্ৰীসকলৰ সুবিধাৰ্থে ডিব্ৰুগড় গোৰখপুৰ আৰু নিউ জলপাইগুৰি-গোৰখপুৰ পথত দুখন বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছে। দুয়োখন ৰে’লতে থাকিব ২০টাকৈ ডবা।বিশেষ ৰেল দুখনৰ এখন ২৭ অক্টোবৰৰ সন্ধিয়া ৭.২৫ বজাত ডিব্ৰুগড়ৰ পৰা ৰাওনা হ’ব আৰু ২৯ অক্টোবৰৰ ৰাতিপুৱা গোৰখপুৰত উপস্থিত হ’ব।ৰে’লখনে ১ নৱেম্বৰত গোৰখপুৰৰ পৰা ৭:৫০ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু পিছদিনা ২০:৫০ বজাত অসমৰ ডিব্ৰুগড়ত উপস্থিত হ’ব।আনখন ৰেল ২৯ অক্টোবৰৰ সন্ধিয়া ৫ বজাত গোৰখপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা ৰাতিপুৱা পশ্চিমবংগৰ নিউ জলপাইগুৰিত উপস্থিত হ’ব।পুনৰ ৰেলখন ৩১ অক্টোবৰৰ দুপৰীয়া ২ বজাত নিউ জলপাইগুৰিৰ পৰা ৰাওনা হ’ব আৰু পিছদিনা ৰাতিপুৱা গোৰখপুৰত উপস্থিত হ’ব।
Trending
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika