উত্তৰ পূৰ্বাঞ্চলৰ স্পোৰ্টচ্ একাডেমীৰ উদ্যোগত দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত শ্বহীদ ভৱনত অলপতে দুদিনীয়াকৈ সদৌ অসম ভিত্তিত অনুষ্ঠিত চতুৰ্থ সদৌ অসম চিতৰিয়া কাৰাটে প্ৰতিযোগিতাখন সফল সামৰণী পৰে। উক্ত প্ৰতিযোগিতা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ল’ৰা-ছোৱালী উভয়ে প্ৰায় ৩০০ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা খেলখন আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰে কোচপাৰা গাঁও পঞ্চায়তৰ সভাপতি স্বপ্না দাসে। মিৰ্জাৰ নৰ্থ-ইষ্ট স্পৰ্টচ্ একাডেমীৰ প্ৰশিক্ষক মনোজ শৰ্মাৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি উক্ত খেলত চাব জুনিয়ৰ ১২ ৰ পৰা ১৩ বছৰ বয়সৰ ৫০ কেজি শাখাত ঋষি কুমাৰ দাসে ব্ৰঞ্জ, ১০ ৰপৰা ১১ বছৰ বয়সৰ ৩০ কেজিৰ শাখাত ইস্পাদিশিত শৰ্মাই চিলভাৰ, ১০ ৰপৰা ১১ বছৰ বয়সৰ ৩৫ কেজি শাখাত অয়ন গোস্বামীয়ে ব্ৰঞ্জ, ১০ ৰপৰা ১১ বছৰ বয়সৰ ৩০ কেজি শাখাৰ হৃষিকেষ কুমাৰে ব্ৰঞ্জ, ইভেন কেডেট ১৪ ৰপৰা ১৫ বছৰ বয়সৰ ৪৫ কেজি শাখাৰ ৰিয়ান দাসে চিলভাৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উক্ত দুয়োদিনৰ খেলত ইউনিফাইড কাৰাটে এচোচিয়েশ্বন অফ অসমৰ সাধাৰণ সম্পাদক নগেন বনজাওৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন