ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২১-২২ বৰ্ষৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ যোৱা ২৮ অক্টোবৰত আৰম্ভ হৈ ৩১ অক্টোবৰত আনুষ্ঠানিক ভাৱে সামৰণি পৰে । যুৱ মহোৎসৱ উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপজ্যোতি সন্দিকৈয়ে । উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া সন্থাৰ পতাকা আৰু স্নাতকোত্তৰ ছাত্ৰসন্থাৰ পতাকা উত্তোলন কৰে ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতি আৰু স্নাতকোত্তৰ ছাত্ৰসন্থাৰৰ সভাপতি হেমেন কলিতাই । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথ আৰু বিশিষ্ট ব্যক্তি তথা অংশগ্ৰহণকাৰী সকলে শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি আগবঢ়ায় । আনহাতে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক ডঃ দীপক কুমাৰ শৰ্মাই । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৬০ মহাবিদ্যালয়ৰ পূৰ্বে চাৰিটা মাণ্ডলিক যুৱ মহোৎসৱত নিৰ্বাচিত মহাবিদ্যালয়সমূহৰ প্ৰায় ৮০০ ছাত্ৰ-ছাত্ৰীয়ে এইবেলিৰ যুৱ মহোৎসৱত অংশগ্ৰহণ কৰে । এইবেলিৰ যুৱ মহোৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাত দৰং মহাবিদ্যালয়ে প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে বি এইছ কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ শ্ৰেণীয়ে যুটীয়া ভাবে দ্বিতীয় স্থান অধিকাৰ কৰে । তদুপৰি বিশ্বনাথ মহাবিদ্যালয় , নগাঁও কলেজ , বিৰঝৰা কন্যা মহাবিদ্যালয় আৰু কলিয়াবৰ মহাবিদ্যালয়ে তৃতীয় স্থান অধিকাৰ কৰাৰ লগতে উদগনিমূলক বঁটা লাভ কৰে অভয়াপুৰী মহাবিদ্যালয়ে । আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত এইবেলি শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় এল কে আৰ বি সংগীত মহাবিদ্যালয়ৰ মৰমী শৰ্মাই । আনহাতে দ্বিতীয় শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান অৰ্জন কৰে ক্ৰমে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ নিবেদিতা কলিতা আৰু নগাঁও মহাবিদ্যালয়ৰ শ্ৰদ্ধা বৰগোহাঞিয়ে । শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে মঙ্গলদৈ মহাবিদ্যালয়ৰ বিজিত ডেকাই , শ্রেষ্ঠা অভিনেত্ৰীৰ সন্মান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মনিষা ডেকাই । তদুপৰি নলবাৰী কলেজৰ তন্ময় চৌধুৰীয়ে দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা , জাগীৰোড মহাবিদ্যালয়ৰ মৃণ্ময় বৰাই শ্ৰেষ্ঠ সহ অভিনেতা , প্ৰজ্ঞান কৌশিকে দ্বিতীয় শ্ৰেষ্ঠ সহ অভিনেতা , গুৱাহাটী বিশ্ববিদ্যালয়ৰ কস্তুৰী শিৱমে শ্ৰেষ্ঠ সহ অভিনেত্ৰী আৰু মঙ্গলদৈ মহাবিদ্যালয়ৰ সুস্মিতা শইকীয়াই দ্বিতীয় শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় । আনহাতে শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নবাৰুণ কাশ্যপ আৰু আশীষ বৰুৱাই । কালি বিয়লি স্নাতকোত্তৰ ছাত্র সন্থাৰ সভাপতি হেমেন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিজয়ী প্ৰতিযোগী সকলক বঁটা সমূহ আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয় । মুকলি সভাত ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা , গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথ , ছাত্র কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি , শ্ৰেণী সমূহৰ সচিব ডঃ জগদীশ শৰ্মাকে ধৰি কেবাগৰাকী অধ্যাপক-বিষয়া উপস্থিত থাকে । আনহাতে সন্ধিয়াৰ পৰা অনুষ্ঠিত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী নীল আকাশকে ধৰি কেবাগৰাকী শিল্পীয়ে সংগীত আৰু বাৰেৰহনীয়া নৃত্য পৰিৱেশন কৰে ।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি