আজি কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠক অন্ত পৰাৰ পাছত মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদমেল সম্বোধন কৰি এই সিদ্ধান্তসমূহৰ সন্দৰ্ভত অৱগত কৰে।মন্ত্ৰী হাজৰিকাই কেবিনেট বৈঠকত সিদ্ধান্ত সমূহৰ বিষয়ে জনাই কয় যে APDCL ৰ তৰফৰ পৰা ৫৮ লাখ স্মাৰ্ট মিটাৰ স্থাপন কৰাক লৈ অনুমোদন প্ৰদান কৰিছে কেবিনেটে। কিন্তু কেবিনেটে এই স্মাৰ্ট মিটাৰ লগোৱাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত কিছু সংযোজন কৰিছে। একাংশ স্থানত পুৰণি মিটাৰৰ তুলনাত স্মাৰ্ট মিটাৰত বিল অধিক অহা বুলি অভিযোগ উত্থাপিত হোৱা বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি ৩০ দিনলৈ পুৰণি মেনুৱেল মিটাৰ আৰু স্মাৰ্ট মিটাৰ দুয়োটা দিয়া হ’ব। যাতে ৰাইজৰ কোনো অসুবিধা নহয়।ইফালে আজি কেবিনেটে তিনিটা নতুন গ্ৰীড নিৰ্মাণৰ বাবে অনুমোদন প্ৰদান কৰিছে। বৰপেটা, শালাকাঁঠী আৰু হাটচিঙিমাৰীত এই তিনিটা গ্ৰীডৰ বাবে অনুমোদন প্ৰদান কৰা হয়। ইয়াৰ বাবে অনুমোদন কৰা হৈছে ৫৬.৭৬ কোটি টকা।কেবিনেটে অসম আৰক্ষী আৰু অধিক সক্ষম তথা শক্তিশালী হোৱাৰ বাবেও কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে ৩৬ গৰাকী অৱসৰপ্ৰাপ্ত আৰ্মী বিষয়াক লোৱাৰ সিদ্ধান্ত গ্ৰহণ লৈছে। তেওঁলোকে অসম আৰক্ষীৰ যিমানবোৰ বেটেলিয়ান আছে তাত প্ৰশিক্ষণ প্ৰদান কৰিব।তদুপৰি APS আৰু ACS বিষয়া সকলৰ পদোন্নতিৰ ক্ষেত্ৰত যিবোৰ খেলিমেলি দেখা যায় সেই সমস্যা দূৰ কৰাৰ বাবেও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰিছে কেবিনেটে। মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদমেলত জনোৱা মতে IAS আৰু IPS বিষয়াসকলৰ পদোন্নতিৰ যি প্ৰক্ৰিয়া সেই একে প্ৰক্ৰিয়াৰ দ্বাৰা APS আৰু ACS বিষয়া সকলৰো পদোন্নতি হ’ব। আনহাতে অহা ২৩ আৰু ২৪ নবেম্বৰত দিল্লীত উদযাপন কৰা হ’ব লাচিত দিৱস। দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া লাচিত দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।লাচিত দিৱস সুচাৰুৰূপে উদযাপন কৰাৰ বাবে কেইবাখনো কমিটী গঠন কৰা হৈছে। তাৰে এখন হৈছে এপেক্স কমিটী। আৰু এই কমিটীখনক নেতৃত্ব প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু কমিটীখনৰ সদস্য হিচাপে থাকিব ৰঞ্জিত দাস, অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, পৰিমল শুক্লবৈদ্য, কেশৱ মহন্ত, ৰণোজ পেগু, অজন্তা নেওগ, পীয়ুষ হাজৰিকা, যোগেন মোহন, নন্দিতা গাৰ্লোছা, কাৰিমুদ্দিন বৰভূঞা, অশোক সিংঘাল, সঞ্জয় কিষাণ, জয়ন্ত মল্ল বৰুৱা, দেবব্ৰত শইকীয়া, ৰকিবুল হুছেইন, আমিনুল ইছলাম, পবন কুমাৰ বৰঠাকুৰ, ভাস্কৰজ্যোতি মহন্ত, ৰবিশংকৰ প্ৰসাদকে ধৰি বহু কেইগৰাকী ব্যক্তি।
Trending
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন