আজি কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠক অন্ত পৰাৰ পাছত মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদমেল সম্বোধন কৰি এই সিদ্ধান্তসমূহৰ সন্দৰ্ভত অৱগত কৰে।মন্ত্ৰী হাজৰিকাই কেবিনেট বৈঠকত সিদ্ধান্ত সমূহৰ বিষয়ে জনাই কয় যে APDCL ৰ তৰফৰ পৰা ৫৮ লাখ স্মাৰ্ট মিটাৰ স্থাপন কৰাক লৈ অনুমোদন প্ৰদান কৰিছে কেবিনেটে। কিন্তু কেবিনেটে এই স্মাৰ্ট মিটাৰ লগোৱাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত কিছু সংযোজন কৰিছে। একাংশ স্থানত পুৰণি মিটাৰৰ তুলনাত স্মাৰ্ট মিটাৰত বিল অধিক অহা বুলি অভিযোগ উত্থাপিত হোৱা বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি ৩০ দিনলৈ পুৰণি মেনুৱেল মিটাৰ আৰু স্মাৰ্ট মিটাৰ দুয়োটা দিয়া হ’ব। যাতে ৰাইজৰ কোনো অসুবিধা নহয়।ইফালে আজি কেবিনেটে তিনিটা নতুন গ্ৰীড নিৰ্মাণৰ বাবে অনুমোদন প্ৰদান কৰিছে। বৰপেটা, শালাকাঁঠী আৰু হাটচিঙিমাৰীত এই তিনিটা গ্ৰীডৰ বাবে অনুমোদন প্ৰদান কৰা হয়। ইয়াৰ বাবে অনুমোদন কৰা হৈছে ৫৬.৭৬ কোটি টকা।কেবিনেটে অসম আৰক্ষী আৰু অধিক সক্ষম তথা শক্তিশালী হোৱাৰ বাবেও কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে ৩৬ গৰাকী অৱসৰপ্ৰাপ্ত আৰ্মী বিষয়াক লোৱাৰ সিদ্ধান্ত গ্ৰহণ লৈছে। তেওঁলোকে অসম আৰক্ষীৰ যিমানবোৰ বেটেলিয়ান আছে তাত প্ৰশিক্ষণ প্ৰদান কৰিব।তদুপৰি APS আৰু ACS বিষয়া সকলৰ পদোন্নতিৰ ক্ষেত্ৰত যিবোৰ খেলিমেলি দেখা যায় সেই সমস্যা দূৰ কৰাৰ বাবেও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰিছে কেবিনেটে। মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদমেলত জনোৱা মতে IAS আৰু IPS বিষয়াসকলৰ পদোন্নতিৰ যি প্ৰক্ৰিয়া সেই একে প্ৰক্ৰিয়াৰ দ্বাৰা APS আৰু ACS বিষয়া সকলৰো পদোন্নতি হ’ব। আনহাতে অহা ২৩ আৰু ২৪ নবেম্বৰত দিল্লীত উদযাপন কৰা হ’ব লাচিত দিৱস। দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া লাচিত দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।লাচিত দিৱস সুচাৰুৰূপে উদযাপন কৰাৰ বাবে কেইবাখনো কমিটী গঠন কৰা হৈছে। তাৰে এখন হৈছে এপেক্স কমিটী। আৰু এই কমিটীখনক নেতৃত্ব প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু কমিটীখনৰ সদস্য হিচাপে থাকিব ৰঞ্জিত দাস, অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, পৰিমল শুক্লবৈদ্য, কেশৱ মহন্ত, ৰণোজ পেগু, অজন্তা নেওগ, পীয়ুষ হাজৰিকা, যোগেন মোহন, নন্দিতা গাৰ্লোছা, কাৰিমুদ্দিন বৰভূঞা, অশোক সিংঘাল, সঞ্জয় কিষাণ, জয়ন্ত মল্ল বৰুৱা, দেবব্ৰত শইকীয়া, ৰকিবুল হুছেইন, আমিনুল ইছলাম, পবন কুমাৰ বৰঠাকুৰ, ভাস্কৰজ্যোতি মহন্ত, ৰবিশংকৰ প্ৰসাদকে ধৰি বহু কেইগৰাকী ব্যক্তি।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী