ৰমেশ চন্দ্ৰ বড়া আৰু লিচুমাই বড়া ন্যাসৰ দ্বিবাৰ্ষিক প্ৰতিষ্ঠা দিৱস গুৱাহাটী মহানগৰীৰ চেনিকুঠিস্থিত ২৩ নৱেম্বৰত “পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সভাকক্ষ” প্ৰাংগণত অনুষ্ঠিত হৈ যায়। আদিতে ৰমেশ চন্দ্ৰ বড়া আৰু লিচুমাই বড়াৰ স্থিৰ চিত্ৰত বন্তি প্ৰজ্বলন কৰি সাপ্তাহিক প্ৰাগজ্যোতিষ কাকতৰ সম্পাদক শশীপ্ৰভা দাসে কয়-আন্তৰিকতাৰে কাম কৰা লোকসকল সমাজত জীয়াই থাকে । সন্মান কৰিলেহে, সন্মান আদায় কৰিব পাৰি । নিউ গুৱাহাটী আদৰ্শ হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক নিধন বৰ্মনৰ আৰম্ভণি গীতেৰে আৰম্ভ কৰা সভাত সভাপতিত্ব কৰে ন্যাসৰ সভাপতি মহেন্দ্ৰ বড়াই । সাংবাদিক, লেখক দীপক শৰ্মাই আত ধৰা সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণত ন্যাসৰ সচিব তথা অসমৰ মাধ্যমিক শিক্ষা বিভাগৰ অৱসৰী অতিৰিক্ত সঞ্চালক ড০ অসমী গগৈয়ে কয়-সাহিত্য,শিক্ষা,সংস্কৃতিৰ উন্নয়নৰ লগতে নাৰী কল্যাণ সাধনে ন্যাসৰ লক্ষ্য । কৰ্ম-সংস্কৃতি আৰু স্বাৱলম্বনৰ ওপৰত সজাগতা সৃষ্টিৰে সমাজৰ উত্তৰণ ঘটাব লাগে । সভাতে মৃণালী চুতীয়া দাসৰ কবিতা গ্ৰন্থ অতীতৰ ছবি আজি মনৰ দাপোনত” উন্মোচন কৰি অৱসৰী অভিযন্তা, লেখক চফিকুৰ ৰহমান শইকীয়াই কয়- সমাজৰ কাম কৰিব পৰাটো বৰ সৌভাগ্যবান । সাহিত্য সাধনা মহৎ কাম । গ্ৰন্থ অধ্যয়ন কৰা লোকৰ সংখ্যা কমি আহিছে । ই বৰ দুৰ্ভাগ্য ।সভাৰ বিশিষ্ট অতিথি বিশিষ্ট চিন্তাবিদ, লেখক ডা: ৰেজাউল কৰিমে কয়-সংস্কাৰৰ বৰ প্ৰয়োজন হৈ পৰিছে । এই সংস্কাৰ আহিব লাগিব প্ৰতিজন মানুহৰে হৃদয়েৰে পৰা । শিক্ষা ব্যৱস্থাত কিবা কেৰোণ আছে বাবে আজিৰ একাংশ প্ৰজন্মবোৰ বৰ বেয়া হৈ পৰিছে । লক্ষ্মীনাথ বেজবৰুবা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আদি মনীষীসকলৰ সৃষ্টিৰাজি গভীৰভাৱে অধ্যয়ন কৰিব লাগে ।সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক কমল কলিতা,সদৌ অসম মৌচম কবি সন্মিলনৰ সম্পাদক মৌৰাম দাস,লেখিকা সংস্থা, অসমৰ উপ-সভাপতি নিৰু শৰ্মা পৰাজুলি,চান্দমাৰি সাহিত্য সভাৰ সম্পাদক দিলীপ বৰুৱা, সাংবাদিক ঘনশ্যাম শইকীয়া,লেখিকা বিৰজা দেৱীয়ে বিশিষ্ট অতিথি হিচাপে অংশ লয় । সভাত নাৰ্চিমা বেগম বৰাই কবিতা আবৃত্তি আৰু দুৰ্গামণি বৰগোহাঁইয়ে গীত পৰিবেশন কৰি সভাৰ সৌষ্ঠব বৰ্দ্ধন কৰে।
Trending
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika