ৰমেশ চন্দ্ৰ বড়া আৰু লিচুমাই বড়া ন্যাসৰ দ্বিবাৰ্ষিক প্ৰতিষ্ঠা দিৱস গুৱাহাটী মহানগৰীৰ চেনিকুঠিস্থিত ২৩ নৱেম্বৰত “পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সভাকক্ষ” প্ৰাংগণত অনুষ্ঠিত হৈ যায়। আদিতে ৰমেশ চন্দ্ৰ বড়া আৰু লিচুমাই বড়াৰ স্থিৰ চিত্ৰত বন্তি প্ৰজ্বলন কৰি সাপ্তাহিক প্ৰাগজ্যোতিষ কাকতৰ সম্পাদক শশীপ্ৰভা দাসে কয়-আন্তৰিকতাৰে কাম কৰা লোকসকল সমাজত জীয়াই থাকে । সন্মান কৰিলেহে, সন্মান আদায় কৰিব পাৰি । নিউ গুৱাহাটী আদৰ্শ হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক নিধন বৰ্মনৰ আৰম্ভণি গীতেৰে আৰম্ভ কৰা সভাত সভাপতিত্ব কৰে ন্যাসৰ সভাপতি মহেন্দ্ৰ বড়াই । সাংবাদিক, লেখক দীপক শৰ্মাই আত ধৰা সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণত ন্যাসৰ সচিব তথা অসমৰ মাধ্যমিক শিক্ষা বিভাগৰ অৱসৰী অতিৰিক্ত সঞ্চালক ড০ অসমী গগৈয়ে কয়-সাহিত্য,শিক্ষা,সংস্কৃতিৰ উন্নয়নৰ লগতে নাৰী কল্যাণ সাধনে ন্যাসৰ লক্ষ্য । কৰ্ম-সংস্কৃতি আৰু স্বাৱলম্বনৰ ওপৰত সজাগতা সৃষ্টিৰে সমাজৰ উত্তৰণ ঘটাব লাগে । সভাতে মৃণালী চুতীয়া দাসৰ কবিতা গ্ৰন্থ অতীতৰ ছবি আজি মনৰ দাপোনত” উন্মোচন কৰি অৱসৰী অভিযন্তা, লেখক চফিকুৰ ৰহমান শইকীয়াই কয়- সমাজৰ কাম কৰিব পৰাটো বৰ সৌভাগ্যবান । সাহিত্য সাধনা মহৎ কাম । গ্ৰন্থ অধ্যয়ন কৰা লোকৰ সংখ্যা কমি আহিছে । ই বৰ দুৰ্ভাগ্য ।সভাৰ বিশিষ্ট অতিথি বিশিষ্ট চিন্তাবিদ, লেখক ডা: ৰেজাউল কৰিমে কয়-সংস্কাৰৰ বৰ প্ৰয়োজন হৈ পৰিছে । এই সংস্কাৰ আহিব লাগিব প্ৰতিজন মানুহৰে হৃদয়েৰে পৰা । শিক্ষা ব্যৱস্থাত কিবা কেৰোণ আছে বাবে আজিৰ একাংশ প্ৰজন্মবোৰ বৰ বেয়া হৈ পৰিছে । লক্ষ্মীনাথ বেজবৰুবা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আদি মনীষীসকলৰ সৃষ্টিৰাজি গভীৰভাৱে অধ্যয়ন কৰিব লাগে ।সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক কমল কলিতা,সদৌ অসম মৌচম কবি সন্মিলনৰ সম্পাদক মৌৰাম দাস,লেখিকা সংস্থা, অসমৰ উপ-সভাপতি নিৰু শৰ্মা পৰাজুলি,চান্দমাৰি সাহিত্য সভাৰ সম্পাদক দিলীপ বৰুৱা, সাংবাদিক ঘনশ্যাম শইকীয়া,লেখিকা বিৰজা দেৱীয়ে বিশিষ্ট অতিথি হিচাপে অংশ লয় । সভাত নাৰ্চিমা বেগম বৰাই কবিতা আবৃত্তি আৰু দুৰ্গামণি বৰগোহাঁইয়ে গীত পৰিবেশন কৰি সভাৰ সৌষ্ঠব বৰ্দ্ধন কৰে।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem