অসমৰ আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰ বিশাল চাংমাই এছিয়া কাপত অংশগ্রহণ কৰিবলগা ভাৰতীয় দলত নিৰ্বাচিত হৈছে। ইউনাইটেড আৰব এমীৰেছৰ ছাৰৰ্জাহত ১৯ৰ পৰা ২৬ ডিচেম্বৰলৈ অনুষ্ঠিত এছিয়া কাপ- ষ্টেজ খ্ৰীলৈ জুনিয়ৰ ৰিকাৰ্ড আৰু কম্পাউণ্ড আৰ্চাৰগৰাকী নিৰ্বাচিত হোৱাৰ সুখবৰ সদৰী কৰিছে আৰ্চাৰী এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ সহকাৰী সম্পাদক গুঞ্জন আবৰোলে।হাৰিয়ানাত দেশৰ ১৬ গৰাকী জুনিয়ৰ আৰ্চাৰক ছাৰজাহত এছিয়া কাপলৈ নিৰ্বাচন কৰা হয়। ৰিকাৰ্ডৰ পুৰুষ আৰু মহিলা শাখাত ৪ জনকৈ আৰু কম্পাউণ্ডৰ পুৰুষ আৰু মহিলা শাখাতো ৪ জনকৈ আচাৰক নিৰ্বাচন কৰা হৈছে। গোলাঘাটৰ কলেজীয়া ছাত্র বিশালে ২০১৬-১৭ ৰ ৰাজ্যিক স্কুল গেমছত আৰু খেলো ইণ্ডিয়াত শ্রেষ্ঠত্ব প্ৰদৰ্শন কৰাৰ পিছত ২০১৭ চনত অন্ধ্রপ্রদেশত অনূর্ধ্ব-১৪ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত দ্বিতীয় স্থান লাভ কৰে। ২০১৯ চনত ঢাকাত তৃতীয় আই এছ এছ এফ ইণ্টাৰনেশ্যনেল ছলিডাৰিটী আৰ্চাৰী চেম্পিয়নশ্বিপত ৰিকাৰ্ডৰ দলীয় শাখাত প্রথম স্থান লাভ কৰি প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰাৰ সৌভাগ্য অর্জন কৰে। ব্যক্তিগত ৰিকাৰ্ডত বিশালে লাভ কৰে ব্রঞ্জ পদক। একেবছৰতেই কেডেট ৰিকাৰ্ড বয়জ শাখাত স্পেইনৰ মাদ্রিদত অনুষ্ঠিত ৱৰ্ল্ড য়ুথ আৰ্চাৰী চেম্পিয়নশ্বিপতো অংশগ্রহণ কৰে। সেইবাৰলৈ সফলতা লাভ কৰিবলৈ সক্ষম নহ’লেও ২০২১ চনৰ আগষ্ট মাহত কেডেট ৰিকার্ড বয়জ ডিভিজনত পোলেণ্ডৰ য়ুথ ৱৰ্ল্ড চেম্পিয়নশ্বিপত দলীয় আৰু মিশ্ৰিত দলীয় শাখাত সোণৰ পদক লাভ কৰাৰ বিপৰীতে ব্যক্তিগত শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।
Trending
- মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ
- কলাক্ষেত্ৰৰ অসম ভিত্তিক নাট প্ৰতিযোগিতা সফল সামৰণি
- জাপানী প্ৰতিনিধি দলৰ ৰাণীৰ কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা লাভলি হুড আশ্ৰম পৰিদৰ্শন
- দীপৰ বিলত পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি :: ১০৮ প্ৰজাতিৰ বিদেশী পৰিভ্ৰমী চৰাই আৰু ৬৬ দেশী প্ৰজাতিৰ চৰাই নথিভুক্ত
- Dr. Himanta Biswa Sarma sworn in as The Chief Minister of Assam
- গুৱাহাটী প্ৰেছ ক্লাবত যুৱ কবি জোনাক প্ৰতীম বৰঠাকুৰৰ কবিতা পুথি ‘মায়া’ উন্মোচন
- গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি – পুৰুষত কটন আৰু মহিলা শাখাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চেম্পিয়ন
- Assam’s Baksa Honey Enters US Market in Historic ODOP Export
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ