বিগত ৩ বছৰৰ সংগীত নাটক অকাদেমী বঁটা। অসমৰ ৫ গৰাকীলৈ ২০২২ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া নৃত্যলৈ অৱদান আগবঢ়োৱাৰ বাবে হৰি বৰা বৰবায়নক ২০২২ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটা আগবঢ়োৱা হৈছে। প্ৰখ্যাত বেহেলাবাদক মিনতি খাউণ্ডলৈ, ব্যাস ওজাপালিলৈ অৱদান আগবঢ়োৱাৰ বাবে গুৰুপ্ৰদাস ওজালৈ, সত্ৰীয়া ওজাপালিৰ বাবে গুৰুপ্ৰসাদ ওজালৈ আৰু লোকসংগীত আৰু লোক নৃত্যৰ বাবে মাখন চন্দ্ৰ বৰালৈ ২০২২ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটা আগবঢ়োৱা হয়।লোক সংগীত, লোক নৃত্যৰ একনিষ্ঠ সাধক প্ৰসন্ন গগৈয়ে ২০২১ বৰ্ষৰ লোক সংগীত আৰু লোক নৃত্যৰ বাবে সংগীত নাটক অকাদেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, সত্ৰীয়া নৃত্যৰ শিল্পী ৰঞ্জুমণি শইকীয়াই ২০১৯ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। শাস্ত্ৰীয় নৃত্যৰ পৰিৱেশত ডাঙৰ দীঘল হোৱা বিশিষ্ট শিল্পী ৰসেশ্বৰ শইকীয়া বৰবায়নৰ জীয়ৰী ৰঞ্জুমণি শইকীয়া।সংগীত সত্ৰত বছৰি বহু ছাত্র-ছাত্ৰীক নৃত্যৰ প্ৰশিক্ষণ দি আহিছে ৰঞ্জুমণিয়ে। ভাৰতৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো শাস্ত্ৰীয় নৃত্যৰে ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে তেওঁ।ইয়াৰ উপৰিও পৰিচালক অৱিনাশ শৰ্মা, অভিনয়ৰ ক্ষেত্ৰত প্রাঞ্জল শইকীয়া ২০১৯ বৰ্ষৰ আৰু লোকশিল্পী গুণীন্দ্র নাথ ওজাও নিৰ্বাচিত হৈছে সংগীত নাটক অকাদেমী বঁটাৰ বাবে। দেশৰ মুঠ ১২৮ গৰাকী শিল্পীলৈ সংগীত নাটক অকাদেমী বঁটা আগবঢ়োৱা হৈছে।
Trending
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান