দিন যোৰা বিভিন্ন কাৰ্যসূচী লৈ শিলচৰ চহৰত উপস্থিত হৈ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুই প্ৰথমে তাৰাপুৰৰ ঐতিহ্যবাহী বিদ্যালয় ৰামকুমাৰ নন্দী পাঠশালাখন পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীসকলৰ সৈতে মত বিনিময়ৰ কৰাৰ লগতে বিদ্যালয়খনৰ আন্তঃগাঁথনি তথা শৈক্ষিক পৰিৱেশৰ বুজ লয়। ইয়াৰে পিছত মন্ত্ৰী গৰাকীয়ে শিলচৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মডেল স্কুল হিচাপে নিৰ্মাণ কৰিবলগীয়া শ্যামচৰণ দেৱ বিদ্যাপীঠ হাইস্কুলত এক নতুন বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে এই নতুন বিদ্যালয় ভৱনৰ বাবে ২০২০-২১ আৰু ২০২১-২২ বৰ্ষৰ আনটাইড ফাণ্ডৰ পৰা প্ৰাৰম্ভিক ৪০ লাখ টকাৰ ব্যয় ধাৰ্য কৰা হৈছে।এই অনুষ্ঠানত শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয় আৰু বিধায়ক শ্ৰীযুত দিপায়ন চক্ৰৱৰ্তী উপস্থিত থাকে। ইয়াৰে উপৰিও মন্ত্ৰী গৰাকীয়ে কৰিমগঞ্জৰ বদৰপুৰৰ অগ্ৰণী শিক্ষানুষ্ঠান মহাদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত সাংসদ শ্ৰীকৃপানাথ মাল্লাৰ সৈতে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰে । শিক্ষা মন্ত্ৰী গৰাকীয়ে শিক্ষানুষ্ঠান খনে ৰাজ্যৰ শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা পঞ্চাচ বছৰীয়া গৌৰৱময় সেৱাৰ শলাগ লয়। তেওঁ লগতে উল্লেখ কৰে যে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা শিক্ষানুৰাগী ৰাইজৰ একান্ত প্ৰচেষ্টাত বিদ্যালয়খনৰ গৰিমা সদা-বন্দিত হৈ ৰ’ব। এই অনুষ্ঠানৰ পিছতে মন্ত্ৰী গৰাকীয়ে কাটলিচেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মডেল অগনবাড়ী কেন্দ্ৰ আৰু অমৃত সৰোবৰৰ অন্তৰ্গত নিৰ্মাণ কৰিবলগীয়া বিভিন্ন স্থান সমূহ পৰিদৰ্শন কৰে।
Trending
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান